ETV Bharat / state

Rangapara Road Accident : ৰঙাপৰাত পথ দুৰ্ঘটনাত আহত তিনি

ৰাজ্য চৰকাৰৰ কঠোৰ নীতি-নিৰ্দেশনাৰ পিছতো বছৰটোৰ প্ৰাৰম্ভণিতে অ’ত-ত’ত সংঘটিত হৈছে বিভিন্ন সৰু-বৰ দুৰ্ঘটনা ৷ পহিলা জানুৱাৰীত শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা (three people injured in a road accident at Rangapara) ৷ য’ত আহত হয় তিনিগৰাকী লোক ৷

Rangapara Accident
ৰঙাপৰাত পথ দুৰ্ঘটনা আহত তিনি
author img

By

Published : Jan 2, 2022, 10:50 AM IST

ৰঙাপৰা, 2 জানুৱাৰী : শোণিতপুৰ জিলাৰ ৰঙাপৰাত বছৰৰ প্ৰথম দিনটোতে সংঘটিত হ’ল এটা পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় তিনিজনকৈ লোক (three people injured in a road accident at Rangapara) ৷ এজনৰ অৱস্থা অতিকে সংকটজনক বুলি জানিব পৰা গৈছে ৷

Rangapara Accident
ৰঙাপৰাত পথ দুৰ্ঘটনা আহত তিনি

উল্লেখযোগ্য যে, ঢেকীয়াজুলিৰ বাটাচীপুৰৰ মাতু লাক্ৰা নামৰ যুৱকজনে AS 12 R 9363 নম্বৰৰ পালছাৰ মটৰ চাইকেলৰে ৰঙাপৰা-মিছামাৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটোৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুজনকৈ শ্ৰমিকক পিছফালৰ পৰা খুন্দা মাৰে ৷ আহত শ্ৰমিক দুজন ক্ৰমে- ঘইৰালি চাহ বাগিচাৰ 10 নং শ্ৰমিক লাইনৰ বানাৰী লাক্ৰা আৰু সুনীল কিষাণ ৷

Rangapara Accident
ৰঙাপৰাত পথ দুৰ্ঘটনা আহত তিনি

দুয়োগৰাকী শ্ৰমিকে ৰঙাপৰাৰ পৰা বজাৰ কৰি চাইকেলেৰে গৃহ অভিমুখে গৈ আছিল ৷ আহত তিনিওজনকে প্ৰথমে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷ পিছত উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

Rangapara Accident
ৰঙাপৰাত পথ দুৰ্ঘটনা আহত তিনি

নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে যান-বাহন চলাচলৰ ক্ষেত্ৰত ধাৰ্য কৰি দিয়া কঠোৰ নীতি-নিয়মৰ মাজতো সংঘটিত হয় বহু দুৰ্ঘটনা ৷ 31 ডিচেম্বৰৰ নিশা ৰাজ্যত 107 টা দুৰ্ঘটনাত এম্বুলেঞ্চ সেৱাই সেৱা আগবঢ়াবলগীয়া হয় ৷ অৱশ্যে বিগত কেইবছৰমানৰ ভিতৰত এইবাৰৰ দুৰ্ঘটনাৰ হাৰ কম ৷

লগতে পঢ়ক: ৩১ ডিচম্বৰৰ নিশা ৰাজ্যত সংঘটিত হ'ল ১০৭ টা পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.