ETV Bharat / state

শোণিতপুৰৰ বৰছলা বিলত 3 গৰাকী লোকৰ সলিল সমাধি

author img

By

Published : Sep 10, 2020, 8:06 PM IST

শোণিতপুৰৰ বৰছলা বিলত মাছ মাৰিবলৈ গৈ বৃহস্পতিবাৰে তিনি গৰাকীকৈ লোকৰ সলিল সমাধি ঘটে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ ৷

3 গৰাকী লোকৰ সলিল সমাধি
3 গৰাকী লোকৰ সলিল সমাধি

তেজপুৰ, 10 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে শোণিতপুৰৰ বৰছলা বিলত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটে তিনি গৰাকীকৈ লোকৰ ৷ বৰছলা আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নিহত লোক কেইগৰাকী গৰীয়া পথাৰ নিবাসী পানীৰাম দৈমাৰী (৫৮), লক্ষীৰাম বড়ো (৪৫) আৰু ডুমডুমা বড়ি গাঁৱৰ মহেন্দ্ৰ বড়ো (৪২) বুলি জানিব পৰা গৈছে ৷

শোণিতপুৰৰ বৰছলা বিলত 3 গৰাকী লোকৰ সলিল সমাধি

তেওঁলোকে দীপক বড়ো, মংগল স্বৰ্গীয়াৰী আৰু পুণেশ্বৰ বড়ো নামৰ আন তিনি গৰাকী লোকৰ সৈতে বৰছলাৰ বিলটোত মাছ মাৰিবলৈ গৈছিল ৷ তাৰ পাচতে বিল খনৰ দ স্থানত সোমাৱাৰ বাবে তেওঁলোকে মৃত্যুক সাৱটি লয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, নিহত লোক কেইগৰাকীৰ সৈতে মাছ মাৰিবলৈ যোৱা আন তিনি গৰাকী লোকে কোনোমতে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে ৷

লগতে পঢ়ক: উন্নয়নৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থান ধুবুৰীৰ এটা বৃহত্তৰ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.