ETV Bharat / state

তেজপুৰত একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে বনজ সম্পদৰ লুণ্ঠনৰাজ - তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্য্যালয়

শিল-বালিৰ অবৈধ সৰবৰাহৰ এক অভিযোগ উত্থাপন কৰা পাচতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশমৰ্মে তিনিখনকৈ অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ কৰা হয় ৷ অভিযোগ উত্থাপন কৰিছিল তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ৷ তেজপুৰ বন সংমণ্ডলৰ এটা অভিযানকাৰী দলে এই ডাম্পাৰ তিনিখন জব্দ কৰে ৷

Three illegal stone loaded dumpers seized
তেজপুৰত একাংশই অসাধু ব্যৱসায়ীয়ে চলাইছে বনজ সম্পদৰ লুন্ঠনৰাজ
author img

By

Published : Jun 26, 2021, 10:59 PM IST

তেজপুৰ, ২৬ জুন : তেজপুৰত চলিছে শিল-বালিৰ অবৈধ বেহা ৷ ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে একাংশ অসাধু ব্যৱসায়ে শিল-বালি অবৈধ বেহাৰ জৰিয়তে চলাইছে বনজ সম্পদৰ লুণ্ঠনৰাজ ৷ কিয়নো শুকুৰবাৰৰ নিশা তেজপুৰ বন সংমণ্ডলৰ এটা অভিযানকাৰী দলে তিনিখনকৈ অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ কৰে ৷

জানিব পৰা মতে, একাংশ অসাধু ব্যৱসায়ীয়ে চোৰাংভাৱে শিল-বালি সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ৷ এই অভিযোগৰ পাচতে তৎপৰ হৈছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । বনমন্ত্ৰীৰ পৰিমল শুক্লবৈদ্যৰ তাৎক্ষণিক নিৰ্দেশমৰ্মে অভিযান চলাই জব্দ কৰা হয় তিনিখনকৈ চোৰাং শিল ভৰ্তি ডাম্পাৰ ৷

তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তেজপুৰ পাঁচমাইল অঞ্চলৰ সমীপৰ জীয়াভৰলী নদীৰ পৰা অবৈধভাৱে এচাম অসাধু ব্যৱসায়ীয়ে দৈনিক ট্ৰাকে ট্ৰাকে শিল ভিন্ন ঠাইলৈ সৰবৰাহ কৰি আহিছিল ৷ বন বিভাগৰ চকুত ধূলি দি চলাই আহিছিল এই অবৈধ বেহা ৷ তেজপুৰ সদৰ বনাঞ্চলিক বিষয়া এম কে বৰাই সদৰী কৰা মতে, ডাম্পাৰ কেইখনৰ নাই কোনো যাৱতীয় নথি-পত্ৰ ৷

তেজপুৰত একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে বনজ সম্পদৰ লুণ্ঠনৰাজ

নথি-পত্ৰ নোহোৱাকৈ এই চোৰাং সৰবৰাহ চলাই আছিল একাংশ অসাধু ব্যৱসায়ীয়ে । বন বিভাগে জব্দ কৰা ডাম্পাৰ কেইখনৰ নম্বৰ হ'ল AS-12 BC-7224, AS-27 C-6099 আৰু ইয়াৰে এখন ট্ৰাক নম্বৰ প্লেটবিহীন ৷ বৰ্তমান সময়লৈকে ট্ৰাক কেইখনৰ চালকে কোনো যাৱতীয় নথি-পত্ৰ দাখিল কৰিব পৰা নাই ৷

চালান তথা কোনো কাগজ নোহোৱাৰ বাবে ট্ৰাক কেইখন জব্দ কৰা হৈছে বুলি কয় বনাঞ্চলিক বিষয়া গৰাকীয়ে । উল্লেখ্য যে, তেজপুৰ সদৰৰ পৰুৱাৰ পৰা পাঁচমাইলৰ বিভিন্ন অঞ্চলত অনুজ্ঞাপত্ৰ বিহীনভাৱে এনেদৰে অবৈধভাৱে শিল-বালিৰ ব্যৱসায় চলাই আহিছে একাংশ অসাধু চক্ৰই ৷ বিশেষকৈ তেজপুৰৰ পৰুৱাৰ মাতৃ শিশু কল্যাণ চিকিৎসালয়ৰ কাষতে বন বিভাগৰ চকুত ধূলি দি এচাম অসাধু ব্যৱসায়ীয়ে চলাই আহিছে শিল-বালিৰ অবৈধ বেহা ৷

লগতে পঢ়ক: টীকাকৰণ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত মোডীৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.