ETV Bharat / state

1 আগষ্টৰ পৰা আৰম্ভ নটসূৰ্য ফণী শৰ্মাৰ সমাধিস্থলী নিৰ্মাণৰ কাম

author img

By

Published : Jul 31, 2021, 7:32 PM IST

মৃত্যুৰ 51 বছৰ পাৰ হোৱাৰ পাছত অৱশেষত আৰম্ভ হোৱাৰ দিশে অসমৰ নাট তথা চলচিত্ৰ অভিনেতা, নাট্যকাৰ তথা পৰিচালক নটসূৰ্য ফণী শৰ্মাৰ সমাধিস্থলী নিৰ্মাণৰ কাম ৷ প্ৰসিদ্ধ নাট্যকাৰ তথা অসমৰ সাংস্কৃতিক জগতৰ অন্যতম কাণ্ডাৰী গৰাকীৰ 51 সংখ্যক মৃত্যু বাৰ্ষিকীত শোণিতপুৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে এই কথা ৷

the-work-of-the-cemetery-of-natsurya-fani-sharma-is-on-the-verge-of-its-start
1 আগষ্টৰ পৰা আৰম্ভ হ'ব নটসূৰ্য ফণী শৰ্মাৰ সমাধিস্থলী নিৰ্মাণৰ কাম

তেজপুৰ, 31 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে শনিবাৰে শোণিতপুৰ জিলা প্ৰশাসনে পালন কৰে নটসূৰ্য ফণী শৰ্মাৰ 51 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ তেখেতৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতে এটি বিশেষ ঘোষণা কৰে শোণিতপুৰ জিলা প্ৰশাসনে ৷ 1 আগষ্টৰ পৰা মহান শিল্পীজনাৰ সমাধিস্থলী নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি প্ৰকাশ কৰে শোণিতপুৰ জিলা প্ৰশাসনে ৷ মৃত্যুৰ 51 বছৰ পাছত অৱশেষত নিৰ্মাণ হোৱাৰ দিশে শিল্পী গৰাকীৰ সমাধিস্থলী ৷

শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰুমী বৰাই ফণী শৰ্মাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, এই সমাধিক্ষেত্ৰৰ DPR প্ৰস্তুত হোৱাৰ হোৱাৰ পিছত 1 আগষ্টৰ পৰা সমাধিক্ষেত্ৰৰ কাম আৰম্ভ হ'ব ৷ কৰ'ণাৰ সংক্ৰমণৰ বাবে তেজপুৰ নগৰ উন্নয়নৰ অনুমোদিত 1 কোটি টকাৰ আঁচনি ৰূপায়িত কৰাত কিছু পলম হৈছে বুলিও প্ৰকাশ কৰে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৷ আনহাতে ফণী শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ অজিত শৰ্মাই কয় যে, সুদীৰ্ঘ 51 বছৰে ফণী শৰ্মাৰ সমাধিস্থলী নিৰ্মাণৰ কাম আৰম্ভ নোহোৱাটো বৰ পৰিতাপৰ বিষয় ৷

কিন্তু বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাত এই কাম আৰম্ভ হ’বলৈ ধৰাটো এক শুভ লক্ষণ বুলি মন্তব্য কৰে শিল্পীগৰাকীৰ জ্যেষ্ঠ পুত্ৰ অজিত শৰ্মাই ৷ উল্লেখ্য যে, 1990 চনত তেজপুৰৰ কলিবাৰীত জন্ম গ্ৰহণ কৰা ফণী শৰ্মাৰ নাট্য জগতত পৰিচয় হৈছিল 1948 চনত চিৰাজ আৰু 1935 চনত পিয়লি ফুকনৰ সফল নাট্যাভিনয়ৰ যোগেদি ৷ শিল্পীগৰাকীৰ 51 সংখ্যক মৃত্যু তিথিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেজপুৰ বান থিয়েটাৰ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, বিভিন্ন দল-সংগঠন আৰু তেজপুৰ সাহিত্য সভাই ৷

লগতে পঢ়কঃ বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.