ৰঙাপৰা,6জানুৱাৰী : ক’ভিড-19ৰ বাবে বন্ধ হৈ থকাৰ পাচত অৱশেষত 1 জানুৱাৰীৰ পৰা খুলি দিয়া হ'ল ৰাজ্যৰ প্ৰাথমিক বিদ্য়ালয়সমূহ ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় 10 মাহ ধৰি ৰাজ্য চৰকাৰে বন্ধ ৰাখিছিল চৰকাৰী-ব্যক্তিগত খণ্ডৰ বিদ্য়ালয়সমূহ ৷ ইপিনে পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্য়ালয়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও একাংশ বিদ্য়ালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা সেৰেঙা । কম সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ মাজেৰেই ৰাজ্যৰ বিদ্য়ালয়সমূহত চলিছে পাঠদান প্ৰক্ৰিয়া ৷
তেনে এক দৃশ্য দেখা পোৱা গ'ল শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ফুলগুৰি নেপালীপাম প্ৰাথমিক বিদ্যালয়ত ৷ 1962 চনতে স্থাপিত হোৱা বিদ্য়ালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা খুবেই তাকৰ ৷ যাৰ বাবে পাঠদান প্ৰক্ৰিয়াত সমস্য়াত পৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকল ৷ যিসময়ত সমগ্ৰ বিশ্ব বৰ্তমানো কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰা মুক্ত হ'ব পৰা নাই তেনে সময়ত অভিভাৱকসকলেও ভয়-শংকাৰ বাবে তথা এতিয়াও ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক নোহোৱাত নিজৰ সন্তানক বিদ্য়ালয়লৈ পঠিয়াবলৈ ইচ্ছুক নহয় বুলি বিদ্যালয়ৰ অধ্যক্ষই মন্তব্য কৰে ৷
তদুপৰি অধ্যক্ষগৰাকীৰ অভিযোগ, চৰকাৰে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত ছেনিটাইজেচন কৰিবলৈ নিৰ্দেশ দিছে যদিও আজি পৰ্যন্ত বিদ্য়ালয়খন ছেনিটাইজেচন কৰা নহ'ল ৷ লক্ষণীয়ভাৱে লকডাউনৰ সময়চোৱাত ফুলগুৰি নেপালীপাম প্ৰাথমিক বিদ্যালয়খন ক'ভিড চেণ্টাৰ হিচাপেও প্ৰশাসনে ব্যৱহাৰ কৰিছিল ৷ যাৰ বাবে অভিভাৱকে নিজ সন্তানক বিদ্য়ালয়লৈ যাব নিদিয়াৰ এইয়া আন এক কাৰণ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিদ্য়ালয়ৰ কৰ্তৃপক্ষই ৷
লগতে পঢ়কঃ ক'ত আছে অমিতৰাজ ?