তেজপুৰ, 27 অক্টোবৰ : অৱসৰলৈ কেইটামান দিন বাকী থাকোতে তেজপুৰত আৱেগিক আৰু নষ্টালজিক হৈ পৰিল ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ৷ কিয়নো জিলা উপায়ুক্ত হিচাপে প্ৰথম কাৰ্যনিৰ্বাহ কৰিছিল শোণিতপুৰ জিলাত ৷ উপায়ুক্ত হিচাপে থকাৰ কালত যি বাসভৱনত তেওঁ কটাইছিল সেই উপায়ুক্তৰ বাসভৱনৰ লগতে আৱৰ্ত ভৱন ভ্ৰমণ কৰি নষ্টালজিক হৈ পৰা মুখ্য সচিব গৰাকীয়ে কঠোৰ পৰিশ্ৰম, সততা আৰু নিষ্ঠাৰে কাম কৰি যোৱাৰ ফলত আজিৰ এই পদবীত অধিষ্ঠিত হোৱা বুলি উল্লেখ কৰে ৷
আনহাতে, নৱ প্ৰজন্ম আৰু বৰ্তমানৰ আমোলা বিষয়া সকলক সততা, নিষ্ঠা, কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনাই বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে, অৱসৰৰ আগমুহুৰ্তত সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণৰ বাৱে তেজপুৰত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মুখ্য সচিবগৰাকী ৷
লগতে পঢ়ক : চিৰাঙত অব্যাহত বনজ সম্পদৰ চোৰাং সৰবৰাহ