ETV Bharat / state

সম্পূৰ্ণ হোৱাৰ পথত বিশ্বৰ অন্যতম পথ সংযোগী সুৰংগ

author img

By

Published : May 26, 2021, 10:16 PM IST

২০১৯ চনৰ পৰা এই পথচোৱাৰ দায়িত্ব বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে হাতত লোৱাৰ পিছতে ক্ষীপ্ৰ গতিত কাম আৰম্ভ হৈছে । চেলা পাছৰ পৰা মুঠ 9 কিলোমিটাৰ দৈঘ্যৰে সুৰংগৰ প্ৰথম অংশ আৰু বৈশাখি অঞ্চলৰ পৰা প্ৰায় 7 কিলোমিটাৰ দৈঘ্যৰে নিৰ্মাণ কৰা হৈছে দ্বিতীয় অংশ ।

চেলা পাচত বিশ্বৰ অন্যতম পথ সংযোগ সুৰংগৰ কাম সম্পূৰ্ণ হোৱাৰ পথত

তেজপুৰ, 26 মে’: পশ্চিম অৰুণাচল প্ৰদেশৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ টাৱাং সংযোগী পথত নিৰ্মিয়মান সুৰংগটো প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত । ২০১৯ চনত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটানগৰৰ পৰা আধাৰশিলা স্থাপন কৰিছিল এই সুৰংগৰ । পথৰ সমান্তৰালভাৱে দুটাকৈ সুৰংগ নিৰ্মানেৰে ইয়াৰ প্ৰতিটোৰ দৈৰ্ঘ্য 1790 মিটাৰৰ হিচাপত দুটা টিউব সংযোজন কৰা হৈছে ।

অতি গুৰুত্বপূৰ্ণ ভালুকপুং-চাৰিদুৱাৰ-টাৱাং সংযোগী এই পাহাৰীয়া পথচোৱাত হৈ অহা অত্যন্ত ভূমিস্খনৰ ফলত পথচোৱা বহু সময়ত বন্ধ হৈ থাকিলগীয়া হয় । সেনা বাহিনীৰ ৰছদ পাতি লৈ অত্যন্ত বৰফ আৰু দুৰ্গম পথটোৰে গৈ সীমান্তত উপস্থিত হ’বলৈ কেতিয়াবা কেতিয়াবা সময় লাগে 7 দিন পৰ্যন্ত ৷ কিন্ত এতিয়া আৰু এই অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহ’ব ভাৰতীয় সেনা বাহিনীৰ বাবে অতিকে গুৰুত্বপূৰ্ণ এই পথটো ।

২০১৯ চনৰ পৰা এই পথচোৱাৰ দায়িত্ব বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে হাতত লোৱাৰ পিছতে ক্ষীপ্ৰ গতিত কাম আৰম্ভ হৈছে । চেলা পাচৰ পৰা মুঠ 9 কিলোমিটাৰ দৈৰ্ঘ্যৰে সুৰংগৰ প্ৰথম অংশ আৰু বৈশাখি অঞ্চলৰ পৰা প্ৰায় 7 কিলোমিটাৰ দৈৰ্ঘ্যৰে নিৰ্মাণ কৰা হৈছে দ্বিতীয় অংশ । চেলা পাচত নিয়োজিত বৰ্ডাৰ ৰোডছৰ বিষয়া কৰ্ণেল পৰীক্ষিত মেহেৰাই জনোৱা মতে, আগন্তুক 2022 বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব এই সুৰংগৰ কাম ।

বৰ্ডাৰ ৰোডছৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, এই সুৰংগৰ আছে বহু কেইটা বিশেষ বৈশিষ্ট্য । প্ৰতি 50 মিটাৰ দূৰত্বত ভেটিলেচনৰ সুবিধা থকাৰ লগতে প্ৰতি 200 মিটাৰৰ ব্যৱধানত ৰখা হৈছে অগ্নি নিৰ্বাপকৰ ব্যৱস্থা । তাৰোপৰি প্ৰতি 200 মিটাৰ ব্যৱধানত স্থাপন কৰা হৈছে অটো ইনচিডেন্ট ডিটেকচন আৰু চি চি টিভি কেমেৰা ৷ প্ৰতি 1 কিলোমিটাৰৰ ব্যৱধানত বায়ু সঞ্চালনৰ ব্যৱস্থা থকা এই সুৰংগৰ মাজেৰে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ বেগেৰে পেট্ৰল আৰু ডিজেল গাড়ীৰ চলাচল কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ।

উল্লেখ্য যে, সাগৰ পৃষ্ঠৰ পৰা 13000 ফুট উচ্চতাত নিৰ্মাণ হোৱা বিশ্বৰ ভিতৰতে অন্যতম এই সুৰংগৰ কাম সম্পূৰ্ণ হেৱাৰ পাছতে চাৰিদুৱাৰ-টাৱাং পথৰ টাৱাং সংযোগী পথচোৱা যোগাযোগৰ বাবে বিশেষকৈ ভাৰতীয় সেনাৰ বাবে সুগম হৈ পৰিব ।

লগতে পঢ়কঃ 24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.