ETV Bharat / state

তেজপুৰত পানী যোগান আঁচনিৰ কৰ্মচাৰীৰ ধৰ্মঘট

author img

By

Published : Feb 1, 2021, 5:25 PM IST

তেজপুৰত ৰাজহুৱা পানী যোগান আঁচনিৰ অবৈতনিক কৰ্মচাৰী সকলৰ প্ৰতিবাদ ৷ মৌখিক নিযুক্তিৰে প্ৰায় ৯ হাজাৰ কৰ্মচাৰীয়ে যোৱা ১০-১৫ বছৰ ধৰি ৰাইজৰ সেৱা আগবঢ়াই অহাৰ পাছতো আজিকোপতি চাকৰি নিয়মীয়াকৰণ নোহোৱাত প্ৰতিবাদত বহে কৰ্মচাৰীসকল ৷

tezpur-protest
তেজপুৰত পানী যোগান আঁচনিৰ অবৈতনিক কৰ্মচাৰীৰ ধৰ্মঘট

তেজপুৰ, ১ ফেব্ৰুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাজহুৱা পানী যোগান আঁচনিৰ অবৈতনিক কৰ্মচাৰী সকলে সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাল লৈ বন্ধ কৰিলে পানী যোগান ।

অসম চৰকাৰৰ ৰাজহুৱা পানী যোগান আঁচনিৰ যি সকল কৰ্মচাৰীয়ে কাৰিকৰী ভাবে সদায় পুৱা গধূলি পানী যোগান ধৰে তেওঁলোকে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে । দীৰ্ঘদিন ধৰি তেওঁলোকে নিজৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ মৌখিক নিযুক্তিৰে প্ৰায় ৯ হাজাৰ কৰ্মচাৰীয়ে যোৱা ১০-১৫ বছৰ ধৰি ৰাইজৰ সেৱা আগবঢ়াই আহিছে । এই পৰ্যন্ত বহুতৰে বয়স অতিক্ৰম কৰিছে যদিও আজিকোপতি চাকৰি নিয়মীয়াকৰণ নহ‘ল । বিভাগীয় মন্ত্ৰীয়ে এই আঁচনি সমূহ পঞ্চায়তৰ অধীনত গতাই দিয়া তথা পঞ্চায়তেই এওলোকক দৰমহা প্ৰদান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও সেয়া কাৰ্যকৰী হৈ নুঠিল ।

শোণিতপুৰ জিলাত মুঠ ২৮৮ টা এনে পানী যোগান আঁচনি আছে ৷ সোমবাৰে পুৱাৰে পৰা জনসাধাৰণৰ মাজত খোৱা পানীৰ যোগান বন্ধ ৰাখি জিলা সদৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । তেওঁলোকৰ দাবী অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষই তেওঁ লোকৰ এই দাবী পূৰণ কৰি পুনৰ ৰাইজক নিয়মীয়া পানী যোগান ধৰাত সহায় কৰক ।
লগতে পঢ়ক: সাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.