তেজপুৰ,13 নৱেম্বৰঃ অৱশেষত তেজপুৰ আৰক্ষীৰ জালত পৰিল AIUDF ৰ নেতা তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য আব্দুল ৱাহিদ খান । বিভিন্ন প্ৰৱঞ্চনাৰে ৰাইজৰ পৰা লাখ লাখ টকা সৰকাই পলাই ফুৰা এই প্ৰৱঞ্চকজনক মঙলবাৰে ধৰি বান্ধি আৰক্ষীক গটালে মহিলা পঞ্চায়ত প্ৰতিনিধিয়ে ।
উল্লেখ্য যে, ট্ৰেক্টৰ, ই-ৰিক্সা, চিলাই মেচিন তথা ঠিকা কাম দিয়াৰ নামত বহু ব্যক্তিৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰি আহিছিল ধৃত আব্দুল ৱাহিদ খানে । আটকাধীন অভিযুক্তগৰাকীৰ ভাষ্য অনুসৰি কেইটামান বিভাগৰ একাংশ কৰ্মচাৰীৰ সহযোগিতাত এই সুযোগ লাভ কৰিছিল তেওঁ । এই ঘটনাত জড়িত থকাৰ অভিযোগত নাম সাঙোৰ খাইছে শোণিতপুৰ জিলা কৃষি বিভাগৰ গ্ৰাম সেৱক প্ৰশান্ত শইকীয়াৰ । ধৃত আব্দুল ৱাহিদ খানৰ ভাষ্য অনুসৰি গ্ৰাম সেৱক প্ৰশান্ত শইকীয়াৰ লগত মিলি তেওঁ কৃষক সকলৰ পৰা ৰাজ সাহাৰ্য্য যুক্ত টেক্টৰ দিয়াৰ প্ৰলোভন দি সংগ্ৰহ কৰিছিল বহু লক্ষ্য টকা । ইয়াৰে বহুখিনি টকা ইতিমধ্যে ঘুৰাই দিয়া বুলিও মন্তব্য কৰে আব্দুল ৱাহিদে । ইমানৰ পাছতো কিন্তু প্ৰবঞ্চক খান আৰক্ষীৰ জালত পৰিছে যদিও কৃষি বিভাগৰ গ্ৰাম সেৱক প্ৰশান্ত শইকীয়াৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা ।