ETV Bharat / state

ঢেকীয়াজুলিত মাতৃ আৰু শিশুক হত্যাৰ চেষ্টা: সন্ধানহীন কিশোৰী

author img

By

Published : Feb 21, 2021, 9:51 PM IST

সন্ধানহীন কিশোৰীগৰাকীৰ মাতৃ জিলি ৰাভাক ঘপিওৱাৰ পাছত টি এম চি এইছত ভৰ্তি কৰোৱাৰ হয় যদিও চিকিৎসালয়ত মৃত্যু হয় ৷ আনহাতে বৰ্তমানো চিকিৎসাধীন হৈ আছে চেৱা ৰাভা নামৰ শিশুটো ৷

TEZPUR MURDER CASE
ঢেকীয়াজুলিত মাতৃ আৰু শিশুক হত্যাৰ চেষ্টা: সন্ধানহীন কিশোৰী

তেজপুৰ, ২১ ফেব্ৰুৱাৰী : শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ চপাই বালিগাঁৱত শনিবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই এগৰাকী মহিলা আৰু কিশোৰীক ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দুৰ্বৃত্তৰ দলটোৱে এটা গৃহ প্ৰৱেশ কৰি তিনিগৰাকী লোকৰ দুগৰাকীক ঘপিয়াই হত্যা কৰে ৷ ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে এগৰাকী কিশোৰী ৷ দুৰ্বৃত্তৰ দলটোৱে কিশোৰীগৰাকীক অপহৰণৰ কৰাৰ সন্দেহ কৰা হৈছে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সন্ধানহীন কিশোৰীগৰাকীৰ মাতৃ জিলি ৰাভাক ঘপিওৱাৰ পাছত টি এম চি এইছত ভৰ্তি কৰোৱাৰ হয় যদিও চিকিৎসালয়ত মহিলাগৰাকীৰ মৃত্যু হয় ৷ আনহাতে চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে চেৱা ৰাভা নামৰ শিশুটো ৷ সন্ধানহীন হৈ থকা কিশোৰীগৰাকী পূৰৱী ৰাভা বুলি জানিব পৰা হৈছে ৷ আৰক্ষী আৰু স্থানীয় ৰাইজে কিশোৰীগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ সন্ধানহীন পূৰৱীয়ে পিন্ধা কাপোৰ পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ মৃত জিলি ৰাভাৰ স্বামী মোহন ৰাভা কৰ্মসূত্ৰে মণিপুৰত থাকে ৷ অতি দৰিদ্ৰ পৰিয়ালটিয়ে কোনোমতে এটা জৰাজীৰ্ণ চালিৰ তলত বসবাস কৰিছিল ৷

লগতে পঢ়ক : কুশলে আছে কুইপ’ৰ দুই বিষয়া : পৰেশ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.