ETV Bharat / state

দুমহীয়া কাৰ্যকালত তেজপুৰৰ উন্নয়নৰ বাবে পৌৰসভাৰ বিশেষ পদক্ষেপ

author img

By

Published : Jul 8, 2022, 8:12 AM IST

তেজপুৰ পৌৰসভা(Tezpur Municipality)ৰ নৱ নিৰ্বাচিত সমিতিৰ দায়িত্ব গ্ৰহণ কৰা দুমাহ উকলি গল । এই সময়ছোৱাত এই নৱ নিৰ্বাচিত পৌৰপতিৰ নেতৃত্বত কি কি উন্নয়নমূলক কাম হাতত লৈছে পৌৰসভাই (Development work of Tezpur Municipality) । জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

tezpur municipality take special initiative for development of tezpur city
দুমহীয়া কাৰ্যকালতে তেজপুৰৰ উন্নয়ণৰ স্বাৰ্থত পৌৰসভাৰ বিশেষ পদক্ষেপ

তেজপুৰ,৭ জুলাই: পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিসমূহে দায়িত্ব গ্ৰহণ কৰা দুটা মাহ উকলিল । এই দুমাহতে বিশেষ পদক্ষেপ গ্ৰহণ কৰি চৰ্চালৈ আহিছে তেজপুৰ পৌৰসভা । তেজপুৰ পৌৰসভা(Tezpur Municipality)ই তেজপুৰ নগৰখনৰ উন্নয়নৰ বাবে হাতত লৈছে বিশেষ পদক্ষেপ(Development work of Tezpur Municipality) । তেজপুৰ চহৰখন সুন্দৰ কৰিবলৈ কি কি পদক্ষেপ হাতত লৈছে সেই সন্দৰ্ভত ই টিভি ভাৰতক সৱিশেষ জনালে তেজপুৰৰ বৰ্তমানৰ পৌৰপতি প্ৰজ্ঞানো ভট্টাচাৰ্য্যই ।

দুমহীয়া কাৰ্যকালত তেজপুৰৰ উন্নয়নৰ বাবে পৌৰসভাৰ বিশেষ পদক্ষেপ

১৯২২ চনত তেজপুৰ চহৰৰ স্বনামধন্য ব্যক্তি অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি তথা তেজপুৰৰ পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাৰ দিনৰে পৰা চলি অহা এই পৌৰসভাই এইবাৰ GIA ৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিছে ২ কোটি টকাৰ অনুমোদন(Tezpur municipality gets Rs 2 crore approval from state government) । নলাসমূহ নিষ্কাষণৰ বাবে লাভ কৰা ২ কোটি টকাৰে অসম্পূৰ্ণ নলাৰ কামো আৰম্ভ কৰা বূলি সদৰি কৰে পৌৰপতি গৰাকীয়ে ।

অতি শীঘ্ৰে ৩০০ অত্যাধুনিক LED লাইটৰ পোহৰৰে চহৰখন আলোকিত হৈ উঠিবলৈ সাজু হোৱা বুলিও জনাই পৌৰপতি ভট্টাচাৰ্য্যই । আনহাতে টাইড ফাণ্ডৰ পৰা খোৱা পানীৰ সমস্যাৰ সমাধানৰ বাবে নতুনকৈ ৩২ কোটি টকাৰ অনুমোদন লাভ কৰাৰ কথা জনাই ভট্টাচাৰ্য্যই । ইয়াৰ লগতে তেজপুৰৰ ঐতিহাসিক পদুম পুখুৰীৰ বাবে ১.৮ কোটি, জোনাকী পুখুৰীৰ বাবে ৪৯ লাখ টকাৰ অনুমোদন হোৱা বুলি তেওঁ জানিবলৈ দিয়ে ।

বিধ্বস্ত হৈ পৰা চহৰৰ পথসমূহ পুনৰ নিৰ্মাণৰ কাম এতিয়া লোকনিৰ্মাণ বিভাগৰ হাতত অৰ্পণ কৰিছে আৰু বাৰিষাৰ পিছতে ইয়াৰ কাম আৰম্ভ হব বুলি জানিবলৈ দিয়ে । উল্লেখযোগ্য যে তেজপুৰ পৌৰাসভাই স্বচ্ছতাৰ বাবে বিগত সময়চোৱাত দেশৰ ১০ খন চহৰৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছিল যদিও বহু সময়ত পথৰ কাষত দূৰ্গন্ধময় আৱৰ্জনা কেইবাদিনো পৰি থকা দেখা যায় । এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অতি কম সময়ৰ ভিতৰত এই সমস্যাটো সমাধান কৰাৰ দিহা কৰা হৈছে ।

লগতে পঢ়ক: বিহালীত ইটাভাটা মালিকৰ মইমতালিৰ বাবেই নাবালিকাৰ সলিল সমাধি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.