ETV Bharat / state

A man who burns deadbody:শৱদেহ জ্বলাই আত্মসন্তুষ্টি লাভ কৰা এজন বিশেষ ব্যক্তি - শ্মশান

নিজকে চণ্ডাল বুলি পৰিচয় দি গৌৰৱবোধ কৰে ৮৩ বছৰীয়া এজন প্ৰচাৰ বিমুখ ব্যক্তিয়ে ৷

tezpur journalists circle awarded a man who burns deadbody
এজন বিশেষ ব্যক্তি
author img

By

Published : Aug 9, 2023, 8:25 PM IST

এজন বিশেষ ব্যক্তি

তেজপুৰ, ৯ আগষ্ট : ১৯৫২ চনৰ পৰা আজিলৈকে প্ৰায় ৬ হেজাৰ শৱদেহ জ্বলাইছে এইজন বিশেষ ব্যক্তিয়ে ৷ নীৰৱে নিজৰ ৰুচিমতে জ্বলাই গৈছে শৱদেহ ৷ শৱদেহ জ্বলোৱা এইজন ব্যক্তিক বুধবাৰে বিশেষ সন্মান যাঁচিলে তেজপুৰৰ সাংবাদিকমহলে ৷

কোনো লোকৰ মৃত্যুৰ খবৰ পালেই তেওঁ উপস্থিত হয়গৈ শ্মশানত ৷ তেওঁক দেখিলেই শ্মশানত প্ৰয়োজনীয় খৰি, ঘি, ধূপ-ধুনা-চাকি নতুবা বাঁহ বা বগা কাপোৰ আদি সামগ্ৰী দোকানীয়ে দিব খোজে বিনামূল্যে ৷ কাৰণ তেওঁ কোনোবা ব্যক্তিৰ শ্মশান যাত্ৰালৈ যাবলৈ সাজু হৈছে বুলি ধাৰণা কৰি লয় দোকানীয়ে ৷ এইজন বিশেষ ব্যক্তি হৈছে কনক চন্দ্ৰ কলিতা ৷

তেজপুৰ চহৰৰ লম্বোধৰ বৰা পথৰ নিবাসী কলিতাই তেজপুৰ বায়ুসেনা বাহিনীৰ পৰা ২০০০ চনত অৱসৰ গ্ৰহণ কৰে ৷ অষ্টম মানত পঢ়ি থাকোঁতেই লগৰীয়াৰ পিতৃৰ শৱদেহ সমনীয়াৰে সৈতে মিলি দাহন কৰিছিল তেওঁ ৷ তাৰ পিচত কি কাৰণত তেওঁ জীৱনৰ ৰুচি হিচাপে এই সেৱা বাচি ল’লে তেওঁ নিজেই নাজানে বুলি উল্লেখ কৰিছে ৷

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পৰা আৰম্ভ কৰি অনেক গুণী-জ্ঞানীৰ শৱদেহ জ্বলোৱা কলিতাই সম্যক হিচাপ ৰখা নাই যদিও ৫-৬ হেজাৰ মৃতদেহৰ অন্তিম সৎকাৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷ চুবুৰীৰ কোনো লোকৰ সম্ভাব্য মৃত্যুৰ বাতৰি আগতীয়াকৈ কৈ দিব পৰা এটা সাংঘাতিক গুণ আছে এইজন ব্যক্তিৰ ৷ আনকি মৰিবলগীয়া ব্যক্তিজন পুৰুষ নে মহিলা সেয়াও তেওঁ কৈ দিব পাৰে বুলি দাবী কৰি কয় যে, ‘এই যাত্ৰাকালত বহু অভিজ্ঞতা বুটলিলো’ ৷

সৎকাৰ শেষ নোহোৱালৈকে শ্মশানৰ পৰা নহা কলিতাই বহু লোকৰ প্ৰয়োজনত চণ্ডালৰ ভূমিকা লৈ শ্মশান পূজাও সম্পন্ন কৰিছে ৷ কেতিয়াবা নিশা অশৰীৰী আত্মাৰে কথোপকন কৰা বুলি দাবী কৰি বৰ্ষীয়ান এই লোকজনে তেওঁৰ এই বাট বুলিবলৈকে কেইবাজনো ব্যক্তিক তেওঁৰ দৰে পাকৈত কৰি তোলাৰ কথা সদৰী কৰে ৷

আনৰ শৱদেহ জ্বলাই এক আজৱ আত্মসন্তুষ্টি লাভ কৰা কলিতাই তেওঁ শৱদেহ পৰিয়াল-আত্মীয় সকলোৰে উপস্থিতিত সম্পন্ন হোৱাটো বিচাৰে ৷ আজি এইজন প্ৰচাৰবিমুখ কনক চন্দ্ৰ কলিতাক শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ সোঁৱৰণত বঁটাৰে পুৰস্কৃত কৰাৰ লগতে 'শ্মশান বন্ধু' ৰূপে অভিহিত কৰে ।

লগতে পঢ়ক : Forest Encroachment: শোণিতপুৰত 1301 টা বেদখলকাৰী পৰিয়ালক ভূমিৰ আবণ্টন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.