তেজপুৰ,৫ নৱেম্বৰ : ভাৰতীয় সেনা বাহিনীৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল মনোজ মুকুন্দ নাৰভানে আজি নেপালৰ সামৰিক বাহিনীৰ মুখ্য সেনাধ্যক্ষক সাক্ষাৎ কৰে ।
প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা জনায় যে,নেপাল সেনাৰ জেনেৰেল পূৰ্ণ চন্দ্ৰ থাপাৰ আমন্ত্ৰণ ক্ৰমে ভাৰতীয় সেনাৰ সেনাধ্যক্ষ নাৰাভানক কাঠমাণ্ডুৰ বিমানকোঠত আদৰণি জনায় নেপালৰ লেফটেনেণ্ট জেনেৰেল প্ৰভু ৰাম শৰ্মাৰ লগতে নেপালস্থিত ভাৰতীয় দূটাবাসৰ পৰা । জেনেৰেল নাৰাভানে কাঠমাণ্ডুত বীৰ সৈনিকৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি ভাৰত চৰকাৰৰ হৈ নেপাললৈ দুখন ফিল্ড চিকিৎসালয়ৰ বাবে প্ৰদান কৰে ৷ ইয়াৰ লগতে এই চিকিৎসালয় দুখনত ঔষধ সামগ্ৰীৰ লগতে এক্সৰে মেচিন আৰু কম্পিউটাৰ ৰেডিঅ'গ্ৰাফি প্ৰদান কৰে ভাৰতীয় সেনা বাহিনীৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে ৷
চিকিৎসালয় দুখনত ক'ভিড -১৯ ৰ সৈতে মোকাবিলা কৰিবলৈ অতিৰিক্ত ভেন্টিলেটৰৰো যোগান ধৰে নাৰাভনে । আজি অনুস্থিত প্ৰথম লানি আলোচনাত দুয়োখন দেশৰ সেনাৰ মাজৰ সম্বন্ধ আৰু দ্বি-পাক্ষিক কাৰ্যকলাপ সন্ধৰ্ভতো আলোচনা কৰা হয় ৷
অন্য এক খবৰৰ বাবে: অৰুণাচল প্ৰদেশৰ চিয়ম নদীৰ বুকুত আৱদ্ধ হৈ পৰা মহিলাক উদ্ধাৰ