ETV Bharat / state

ক’ভিড সন্দৰ্ভত শোণিতপুৰৰ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : May 8, 2021, 10:58 PM IST

শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকাৰ লগতে আন আন উচ্চপদস্থ বিষয়া বৰ্গ উপস্থিত থাকে বৈঠকখনত ৷

tezpur dc meet
শোণিতপুৰৰ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

তেজপুৰ,৮ মে' : শনিবাৰে শোণিতপুৰ জিলাত কভিড-১৯ত আক্ৰান্ত হৈ জটিল স্বাস্থ্য জনিত সমস্যাত ভোগা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি অহাৰ প্ৰতি লক্ষ্য ৰাখি আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুনা হাজৰিকাৰ লগতে আন আন উচ্চপদস্থ বিষয়া বৰ্গৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

এই বৈঠকত বৰ্তমান ক’ভিড পৰিস্থিতি আৰু অনাগত দিনত এই ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ আৰু ব্যৱস্থাপনাৰ বিষয়েও আলোচনা কৰা হয় ।
উপায়ুক্ত গৰাকীয়ে লগতে জটিল স্বাস্থ্যজনিত সমস্যাত ভোগা ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা যেনে, আই চি ইউ বেড, অক্সিজেন যুক্ত বেড, অক্সিজেন চিলিণ্ডাৰৰ উপলব্ধতা আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত থকা অক্সিজেন প্লাণ্টৰ দৈনিক উৎপাদন ক্ষমতা আদিৰ বিষয়েও বুজ লয় ।

উল্লেখ্য যে, দেওবাৰৰ পৰা তেজপুৰ পৰোৱাস্থিত মাতৃ আৰু শিশু চিকিৎসালয়খন ক’ভিড কেয়াৰ চেণ্টাৰ হিচাপে মুকলি কৰিবলৈ যো-জা চলাই থকা হৈছে । বৰ্তমান মাতৃ আৰু শিশু চিকিৎসালয়খনত ১৫ খন বিছনা যুক্ত আইচিইউৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে । উপায়ুক্ত গৰাকীয়ে লগতে টি এম চি'ৰ সকলো স্বাস্থ্য কৰ্মীক কভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰিবলৈ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীক আহ্বান জনায় ।

একেখন বৈঠকত অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপূন, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে আহমেদ, ক’ভিড নডেল বিষয়া ডাঃ সুনন্দ তামুলী, ডাঃ তন্বিৰ আলম, ডাঃ বেনুধৰ নাথ, জিলা মহামাৰীতত্ত্ববিজ্ঞানী ডাঃ শুভলক্ষ্মী বৰা আৰু অন্যান্য বিষয়া বৰ্গ উপস্থিত থাকে ।

লগতে পঢ়ক :কন্টেইনমেন্ট অঞ্চলৰ লোকক খাদ্য বিতৰণ কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.