ETV Bharat / state

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীৰ ফলাফল আজিও অহা নাই

author img

By

Published : Mar 16, 2020, 12:34 PM IST

Updated : Mar 16, 2020, 1:47 PM IST

১৫ মাৰ্চৰ দিনৰ ১ বজাত তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক তাত এক আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে দিনৰ ২ বজাত তেখেতৰ সকলো প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰি সেইসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে। উক্ত পৰীক্ষাৰ ফলাফলৰ বাবে বৰ্তমান অপেক্ষা কৰি থকা হৈছে ৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীৰ ফলাফল আজিও অহা নাই
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীৰ ফলাফল আজিও অহা নাই

তেজপুৰ,১৬ মাৰ্চ: তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ আৰু মুখ্য অধীক্ষকে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনোৱা অনুসৰি ১৫ মাৰ্চত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ পৰা এজন ৰোগীক জ্বৰ আৰু কাঁহৰ লক্ষণসহ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ বৰ্তমানলৈ ৰোগীজনৰ পৰীক্ষাৰ ফলাফল আহি পোৱা নাই ৷ উল্লেখিত ৰোগীগৰাকী এসপ্তাহ পূৰ্বে কেৰালাৰ পৰা অসমত আহি উপস্থিত হৈছিল ৷ যোৱা ১৪ মাৰ্চত ৰোগীগৰাকীয়ে কিছু সময় পুখুৰীত কাম কৰাৰ পিছত জ্বৰত আক্ৰান্ত হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

১৫ মাৰ্চৰ দিনৰ ১ বজাত তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক তাত এক আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে দিনৰ ২ বজাত তেখেতৰ সকলো প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰি সেইসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে। উক্ত পৰীক্ষাৰ ফলাফলৰ বাবে বৰ্তমান অপেক্ষা কৰি থকা হৈছে ৷
উল্লেখ্য যে বৰ্তমান ৰোগী গৰাকীৰ দেহত জ্বৰৰ কোনো লক্ষণ নাই আৰু তেওঁৰ অৱস্থা বৰ্তমান স্বাভাৱিক ৷ কিন্ত তেওঁক চিকিৎসা চলাই থকা কক্ষৰ দিশে কোনো চিকিৎসালয়ৰ ব্যক্তিকো প্ৰৱেশ কৰিবলৈ দিয়া নাই ৷

লগতে চাওকঃ

110 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

Last Updated : Mar 16, 2020, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.