তেজপুৰ, 19 ছেপ্তেম্বৰঃ যোৱা 17 ছেপ্তেম্বৰত আটক কৰা উগ্ৰপন্থী সদস্যজনৰ সন্দৰ্ভত মন্তব্য কৰিছে ভাৰতীয় সেনা বাহিনীয়ে ৷ সংবাদ মাধ্যমৰ আগত সেনাবাহিনীয়ে জানিবলৈ দিয়া অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মণিপুৰ আৰক্ষী আৰু সেনাবাহিনীয়ে মণিপুৰৰ থুৱাল জিলাত যুটীয়া অভিযান চলাই PREPAK গ্ৰুপৰ সদস্যজনক আটক কৰিবলৈ সক্ষম হয় ৷ আনহাতে, সদস্যজনৰ পৰা এটা 9 MM পিষ্টল আৰু ৫ জাঁই সজীৱ গুলীও জব্দ কৰে অভিযানকাৰী দলটোৱে ।
লগতে পঢ়কঃআইপিএল 2020 : চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে 'ফেভাৰেট' মুম্বাই ইণ্ডিয়ানছ