ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা সন্দেহযুক্ত নাগৰিকক আটক - সন্দেহযুক্ত নাগৰিক

জামুগুৰিহাটৰ সমীপৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা স্থানীয় লোকে আটক কৰে তিনিজন সন্দেহযুক্ত নাগৰিকক ৷ বন বিভাগৰ সৈতে গোপন মিতিৰালি কৰি ব্যক্তি তিনিজনে গৰু চুৰি কাৰ্যকে ধৰি অন্যান্য দুস্কাৰ্য সংঘটিত কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনলৈ আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

Suspected three people arrested from sixth addition of kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা সন্দেহযুক্ত নাগৰিকক আটক
author img

By

Published : Jan 9, 2021, 9:14 PM IST

চতিয়া,৯ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সমীপৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা স্থানীয় লোকে আটক কৰে তিনিজন সন্দেহযুক্ত নাগৰিকক ৷ ঘটনাৰ বিৱৰণ অনুসৰি, যোৱা নিশা তিনিজন যুৱকে ষষ্ঠ সংযোজনৰ ভিতৰত নিশাৰ ভাগত প্ৰৱেশৰ চেষ্টা কৰা প্ৰত্যক্ষ কৰে পাণপুৰ মথাউৰিৰ ওপৰেদি মটৰ চাইকেল লৈ অহা দুজন ব্যক্তিয়ে ৷ ব্যক্তি দুজনে সদৰি কৰা মতে, মটৰ চাইকেলৰ পোহৰ দেখি তিনিওজনে দৌৰি পলাবলৈ চেষ্টা কৰে ৷

ইফালে তিনিজন যুৱক এইদৰে পলায়ন কৰাত অঞ্চলটোত এক আতংক আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ ইয়াৰ লগে লগে গাঁৱৰ লোকসকল ওলাই আহি তৎক্ষণিকভাৱে তিনিজনকে আটক কৰে ৷ ৰাইজৰ অনুসন্ধানত লোককেইজনৰ নাম পানপুৰ কাচমাৰী গাঁৱৰ ক্ৰমে আব্দুল ৰহমান, বুলবুল হুছেইন আৰু আনাৰ বুলি জানিব পৰা যায় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা সন্দেহযুক্ত নাগৰিকক আটক

উল্লেখ্য যে, বন বিভাগৰ সৈতে গোপন মিতিৰালি কৰি ব্যক্তি তিনিজনে গৰু চুৰি কাৰ্যকে ধৰি অন্যান্য দুস্কাৰ্য সংঘটিত কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনলৈ আহিছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । কাৰণ সন্দেহযুক্ত তিনিজন যুৱকক স্থানীয় লোকে আটক কৰাৰ সময়ত একাংশ বন বিভাগৰ লোক উপস্থিত থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । ৰাইজৰ সমাগমৰ ফলত বন বিভাগৰ লোককেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিছে স্থানীয় লোকে ।

ইয়াৰ সমান্তৰালভাৱে যুৱক তিনিজনে লৈ অহা সন্দেহত পাণপুৰ মথাউৰিৰ ওপৰত ৰখাই থোৱা AS-১২-AA-২৩১৬ নম্বৰৰ এখন অচিনাক্ত অল্ট’ গাড়ীও ভাঙি ক্ষতি সাধন কৰে জামুগুৰিহাটৰ ৰাইজে ৷ অৱশেষত ঘটনাস্থলীত জামুগুৰি আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ তিনিজন যুৱকক আটক কৰি থানালৈ লৈ যায় ।

লগতে পঢ়ক : অখিল গগৈয়ে জেলত কটোৱা প্ৰতিটো দিনৰ উত্তৰ 21ত ৰাইজে দিবঃ চিত্ত ৰঞ্জন বসুমতাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.