তেজপুৰ, ১৫ জুলাই : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ উঠি অহা প্ৰজন্মৰ শিক্ষাৰ্থী সকলৰ সুকুমাৰ কলা বিকাশৰ বাবে আয়োজন কৰিছে দহদিনীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ । শোণিতপুৰ জিলাৰ তেজপুৰৰ জ্যোতি ভাৰতীৰ লগতে ১৬ টাকৈ কেন্দ্ৰত পৃথকে পৃথকে শনিবাৰৰে পৰা আৰম্ভ হোৱা এই গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালাৰ এক মাংগলিক পৰিৱেশত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ।
![Summer training workshops](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-07-2023/as-tezpur-02-15july-visbite-summerworksoff-pranabkumardas-7203907_15072023141123_1507f_1689410483_936.jpg)
জ্যোতি ভাৰতীৰ উদ্যোগত আৰু অসম ৰেপাৰেটৰীৰ সহযোগত জ্যোতি ভাৰতীত আৰম্ভ হৈছে এই দহদিনীয়া কৰ্মশালা । তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ আৰু একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থকা এই শুভাৰম্ভণি অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই শোণিতপুৰৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা এই কাৰ্যসূচীয়ে উঠি অহা প্ৰজন্মৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে তেওঁ ৷
![Summer training workshops](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-07-2023/as-tezpur-02-15july-visbite-summerworksoff-pranabkumardas-7203907_15072023141123_1507f_1689410483_302.jpg)
অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ভাষণ আগবঢ়াই পূৰ্বে এনে বিষয়সমূহ শিকাৰ বাবে কোনোধৰণৰ কৰ্মশালা আদিৰ ব্যৱস্থা নাছিল বুলি কৈ আজি অন্যান্য অনুষ্ঠানৰ লগতে চৰকাৰীভাৱেও এনে অনুষ্ঠান আগবাঢ়ি অহাটো শিকাৰুসকলৰ বাবে ভাগ্যৰ কথা বুলি কৈ এটি নাটকৰ সংলাপেৰ সমগ্ৰ পৰিৱেশটি জীপাল কৰি তোলে । আনহাতে শুভাৰম্ভণি অনুষ্ঠানটিত নাটকৰ মুখ্য প্ৰশিক্ষক হিচাবে দায়িত্ব থকা নাট্যকাৰ -পৰিচালক পুলক কুমাৰ ডেকাৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলে তাৎক্ষণিক ভাৱে গীত আৰু নাট্যৰ মুহূৰ্তৰে মুখ্য সচিব গৰাকীৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰি আপ্লুত কৰি তোলে ।
উল্লেখ্য যে, এই অনুষ্ঠান উপভোগ কৰি সন্তষ্টি প্ৰকাশ কৰা মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আগবঢ়োৱা ভাষণত মানুহৰ জীৱনটোৱেই এখন উল্লেখযোগ্য নাটক বুলি মন্তব্য কৰে ৷ তাৎক্ষণিকভাৱে মানুহক আকৃষ্ট কৰিব পৰা নাটকেই একমাত্ৰ মাধ্যম বুলি কৈ ভৰত মুনিৰ পৰা কালিদাসৰ "শকুন্তলা" লৈকে উৎকৃষ্ট নাটকৰ উদাহৰণেৰে "কাব্যেসু নাটকং ৰম্যম" বুলি মন্তব্য কৰে । তেজপুৰত সঘনাই হৈ থকা পথ-দুৰ্ঘটনাপ্ৰবণ কেবাটাও স্থান আজি আয়ুক্ত গৰাকীৰ সৈতে পৰ্যবেক্ষণ কৰে তেওঁ ।
লগতে পঢ়ক : Deprived of government scheme: বৰছলাৰ দৃষ্টিহীন দম্পতীক প্ৰয়োজন এটা চৰকাৰী আঁচনিৰ ঘৰ