ETV Bharat / state

NHPC Big Dam Impact : বৃহৎ নদীবান্ধে শুকুৱালে সোৱণশিৰি, আতংকৰ মাজতে শুকাইছে ৰঙানদীও - subansiri river water level

উত্তৰ অসমৰ কেবাখনো জিলা জলসংকটত পৰাৰ সম্ভাৱনা ৷ NHPCৰ বৃহৎ নদীবান্ধৰ ফলত সোৱণশিৰী নদীৰ বক্ষ শুকাই যোৱাৰ ফলত উজনিৰ কেবাখনো জিলাৰ নদীপৰীয়াৰ মাজত সৃষ্টি হৈছে আতংকৰ ৷ এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন...

NHPC Big Dam Impact
বৃহৎ নদীবান্ধে শুকুৱালে সোৱণশিৰি
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 5:08 PM IST

Updated : Oct 30, 2023, 5:17 PM IST

বৃহৎ নদীবান্ধে শুকুৱালে সোৱণশিৰি

তেজপুৰ, ৩০ অক্টোবৰ : ভয়ংকৰ জল সংকটত পৰিব নেকি উত্তৰ অসমৰ কেবাখনো জিলা ? জিলা প্ৰশাসনে সতৰ্কতা নিৰ্দেশ জাৰি কৰাৰ পাচতে হাহাকাৰ লাগিছে উত্তৰ অসমৰ নৈপৰীয়া ৰাইজৰ মাজত ৷ NHPC য়ে নিৰ্মাণ কৰা বহু বিতৰ্কিত নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প কাৰ্যক্ষম হোৱাৰ দুমাহ পূৰ্বে সোৱণশিৰী নদীৰ বক্ষত ঘটিছে অঘটন ৷

উল্লেখ্য যে যোৱা ২৭ অক্টোবৰৰ নিশা সোৱণশিৰী নদীৰ উৎসত পাহাৰ খহি পৰাত হঠাৎ পানীৰ নিয়মীয়া চলাচল বন্ধ হৈ যায় আৰু ২৮ অক্টোবৰ শুকুৰবাৰে নদীখন সম্পূৰ্ণৰূপে শুকাই যোৱাত বিগত তিনিটা দিনে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷

মনকৰিবলগীয়া যে সোৱণশিৰী নদীৰ পানী শুকাই যোৱাৰ কাৰণ হ’ল জলবিদ্যুৎ প্ৰকল্পটোৰ ৫ টা পানী নিষ্কাষণৰ সুৰংগৰ এটা সুৰংগত পাহাৰৰ মাটি খহি অহাৰ ফলত বন্ধ হৈ যাৰ আৰু তাৰ পৰিণতিত যোৱা শুকুবাৰৰ পৰা নদীখনৰ পানী শুকাই যোৱাৰ লগতে বহুতো মাছ আৰু দুষ্প্ৰাপ্য শিহুৰ মৃত্যু হয় ৷ উক্ত ঘটনাৰ পাচত অসমৰ বিভিন্ন দল-সংগঠনে প্ৰীতিবাদ সাব্যস্ত কৰাৰ পাচত এন এইছ পি চি কৰ্তৃপক্ষই এক স্পষ্টীকৰণত কয় যে শুকুৰবাৰে দিনৰ ১১.৩০ বজাত জলবিদ্যুৎ প্ৰকল্পটোত ৫ টা পানী নিষ্কাষণৰ সুৰংগ আছে আৰু প্ৰতিটোৱে ৯.৫ মিটাৰ এলেকা সামৰি লয় ৷ ইয়াৰ ভিতৰত যিটো সুৰংগ ব্যৱহাৰ কৰি থকা হৈছিল সেইটো ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাৰ ফলত নদীখনলৈ পানীৰ ধাৰা কমি আহিছে ।

সমান্তৰালভাৱে ৪০৫ মেগা ৱাটসম্পন্ন ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ফলত ৰঙানদীও বৰ্তমান শুকাই মৰুভূমিসদৃশ হৈ পৰিছে । আনহাতে সদৌ অসম ছাত্ৰ সন্থাই এই বৃহৎ নদীবান্ধৰ আৰম্ভণিৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ তেজপুৰ আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি দেবাঞ্জন পাঠকে কয় যে এনে এইছ পি চি য়ে বহু তথ্য লুকুৱাই ৰাখিছে আৰু চৰকাৰক জনোৱা নাই ৷ এইসমূহ ৰাজহুৱা কৰিব লাগে ৷ স্থানীয় ৰাইজৰ লগত আলোচনা কৰি প্ৰকল্পটোৰ কাম আগবঢ়াবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছিল যদিও সেয়া নকৰিলে ৷

সোৱণশিৰীৰ ইতিহাস : আগন্তুক ২০২৪ চনৰ জানুৱাৰী মাহত এই জলবিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ যোগান আৰম্ভ হোৱাৰ সম্ভাৱনা আছিল ৷ স্থানীয় লোকৰ মতে সোৱণশিৰী নদীৰ নামনি অংশৰ গেৰুকামুখত নিৰ্মাণৰত ২০০০ মেগাৱাটৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ ফলত সোৱণশিৰী নদী এতিয়া প্ৰায়েই শুকাই যায় । সোৱণশিৰীৰ নদীৰ উজনি ভাগত অৰুণাচল প্ৰদেশ আৰু নামনি অংশত অসমৰ লোকৰ জীৱন ধাৰণৰ লগত জড়িত হৈ আছে ৷ সোৱণশিৰী নদী তিব্বতৰ ছানেনেন প্ৰদেশৰ পৰা অহা এখন খৰস্ৰোতা হিমালয়ৰ পাদদেশৰ ব্ৰহ্মপুত্ৰৰ উপ-নদী ৷

সোৱণশিৰীক লৈ কিয় হাহাকাৰ ? : হঠাৎ গতিশীল খৰস্ৰোতা নদীখন শুকাই যোৱাত স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি হৈছে । নদীখন ব্ৰহ্মপুত্ৰৰ দিশে শুকাই আহিছে, ফলস্বৰূপে নামনিৰ অংশত পানীৰ সোঁত কমি আহিছে । সোৱণশিৰী নদী গেৰুকামুখৰ পৰা আহি নামনি অংশত লখিমপুৰ জিলাৰ লুইত খাবলুত আহি মহাবাহু ব্ৰহ্মপুত্ৰত লগ লাগিছে । এন এইছ পি চিয়ে নিৰ্মাণ কৰা এই বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ সময়ত চাৰিওফালে আগুৰি থকা পাহাৰসমূহ নীতি বহিৰ্ভূতভাবে কাটি পেলোৱাত বৰ্তমান পাহাৰসমূহৰ বহন ক্ষমতা নোহোৱা হৈ পৰিছে ৷ ফলস্বৰূপে এইদৰে নদী শুকান হোৱাৰ উপক্ৰম হৈছে । নামনি অংশত লখিমপুৰ জিলাৰ গেৰুকামুখ চাউলধুৱা অঞ্চলতো নদীৰ বক্ষ শুকাই যোৱা বুলি সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । যদি এয়াই হয়, হয়তো ইয়াৰ প্ৰভাৱ ব্ৰহ্মপুত্ৰ নদীত পৰিব পাৰে নেকি সেই বিষয়ে চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে ৷

লগতে পঢ়ক : Impact of NHPC : বিলুপ্তিৰ পথত সোৱণশিৰিৰ আপুৰুগীয়া সোণালী পিঠিয়া মাছ আৰু শিহু

Last Updated : Oct 30, 2023, 5:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.