ETV Bharat / state

চুৰি বাইকসহ ৰঙাপৰাত আৰক্ষীৰ জালত পৰিল চোৰ - চোৰ আটক

ৰঙাপৰাৰ জীয়া ভৰালী নদীৰ পাৰত ৰখাই থোৱা অৱস্থাত চুৰি হোৱা এখন বাইক উদ্ধাৰ কৰে চাৰিদুৱাৰ আৰক্ষীয়ে ।

author img

By

Published : Apr 16, 2019, 8:25 PM IST

ৰঙাপৰা, ১৬ এপ্ৰিলঃ চাৰিদুৱাৰ আৰক্ষীৰ জালত পৰিল এজন চোৰ । বিগত দুদিন পূৰ্বে জীয়া ভৰালীৰ পাৰত অনুষ্ঠিত হোৱা অশোকাষ্টমী মেলাৰ পৰা চুৰি হৈছিল এখন বাইক । মেলা চাবলৈ অহা এগৰাকী লোকে পথৰ কাষত ৰখাই থোৱা অৱস্থাতে বাইকখন চুৰি হোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ প্ৰদান কৰিছিল ।

চুৰি বাইকসহ ৰঙাপৰাত আৰক্ষীৰ জালত পৰিল চোৰ

লোকজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা বাইকসহ এজন চোৰক আটক কৰিবলৈ সক্ষম হৈছে । ধৃত চোৰজন প্ৰশান্ত পেগু বুলি জানিব পৰা গৈছে আৰু চোৰজনৰ জিম্মাৰ পৰা AS 12 M 2901 নম্বৰৰ বাইকখন উদ্ধাৰ কৰা হৈছে । যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি বাইকসহ চোৰজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ধৃত চোৰজনৰ ঘৰ চাৰিদুৱাৰৰ ধাৰিকাটিত বুলি জানিব পৰা গৈছে ।

Intro:চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰঃ এজন চোৰক আটক।Body:ৰঙাপৰাঃ শোণিতপুৰৰ জীয়া ভৰলীৰ নদীৰ পাৰত ৰখাই থোৱা অৱস্থাৰ পৰা চুৰি হোৱা এখন মটৰ চাইকেলখন  চাৰিদুৱাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। লগতে আৰক্ষীয়ে এজন চোৰকো আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, জীয়া ভৰলী নৈৰ পাৰত অনুষ্ঠিত হোৱা অশোক অষ্টমী মেলাৰ পৰা চোৰে এ এছ ১২ এম ২৯০১ নম্বৰৰ মটৰ চাইকেলখন চুৰি কৰি লৈ গৈছিল। যোৱা নিশা এক গোপন সূত্রৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে টৌভঙাৰ পৰা চুৰি হোৱা মটৰ চাইকেলখন উদ্ধাৰ কৰাৰ লগতে প্ৰশান্ত পেগু নামৰ এজন মটৰ চাইকেল চোৰক আটক কৰে। ধৃত চোৰজন চাৰিদুৱাৰৰ ধাৰিকাটিৰ বুলি জানিব পৰা গৈছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.