ETV Bharat / state

State Convention on Human Rights 2023 : ২১ মে'ত গুৱাহাটীত মানৱ অধিকাৰ ৰাজ্যিক সন্মিলন 2023 - human rights award to MLA Padma Hazarika

২১ মে'ত গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ ৰাজ্যিক সন্মিলন-২০২৩ (National Human Rights and Crime Control Bureau) । এই সন্মিলতে প্ৰদান কৰা হ'ব ৰাষ্ট্ৰীয় মানৱ অধিকাৰ বঁটা ।

State Convention on Human Rights 2023
State Convention on Human Rights 2023
author img

By

Published : May 19, 2023, 6:41 PM IST

তেজপুৰ, ১৯ মে': ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিমন্ত্ৰণ ব্যুৰ' (National Human Rights and Crime Control Bureau), অসমৰ উদ্যোগত ৰাজ্যিক মানৱ অধিকাৰ সন্মিলনখনি অহা ২১ মে' তাৰিখে গুৱাহাটীৰ বিশ্বৰত্ন হোটেলৰ সভাকক্ষত অনুষ্ঠিত হ'ব (State Convention on Human Rights 2023) । সংস্থাটোৰ ৰাজ্যিক অধ্যক্ষ নিশান্ত থৰ্ডে সংবাদ বিষয়া মৃন্ময় কুমাৰ নাথৰ জৰিয়তে এই কথা জনাইছে । দিনজোৰা কাৰ্যসূচীৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগা এই সন্মিলনত অসমৰ ৰাজ্যপালে অংশগ্ৰহণ কৰিব বুলি লগতে জানিবলৈ দিছে (Governor of Assam) ।

এই সভাতে চতিয়া সমষ্টিৰ বিধায়ক তথা কন্যকা আৰু গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাক ৰাজ্যজুৰি কৃষি বিপ্লৱৰ সূচনা কৰাৰ বাবে অসম মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান কৰা হ'ব (human rights award to MLA Padma Hazarika) । আনহাতে, অসমৰ মহিলা সবলীকৰণত আৰ্থিকভাৱে সহায় কৰা বন্ধন বেংকৰ (human rights award to Bandhan Bank) কলকাতাস্থিত মাণ্ডলিক শাখাৰ জ্যেষ্ঠ উপদেষ্টা তথা মুখ্য মাণ্ডলিক বিষয়া সুৰজিত ৰয় চৌধুৰীৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বাতী বিধান বৰুৱালৈও এই বঁটা আগবঢ়োৱা হ'ব ।

ইয়াৰ উপৰি কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ, প্ৰাক্তন আইপিএছ ভায়লেট বৰুৱাকে ধৰি কেইগৰাকীমান বিশেষ ব্যক্তিকো সংস্থাটোৱে সন্মান আগবঢ়াব বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিমন্ত্ৰণ ব্যুৰ', অসমৰ এই সন্মিলনখনিত সংস্থাটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডাঃ ৰণধীৰ কুমাৰ আৰু সচিব সঞ্জীৱ কুমাৰ তথা সংস্থাটোৰ আইনী উপদেষ্টা, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ডঃ জ্যোতি জোংলুলুকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াও উপস্থিত থাকিব ।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ বিগত দিনৰ কৰ্মৰাজিক সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনসাধাৰণৰ কাষলৈ আগবঢ়াই নিয়াত সহায় কৰি অহা সাংবাদিকসকলকো সন্মিলনখনিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Assam Tourism: সাগৰমালা উন্নয়ন নিগমৰ সৈতে অসম পৰ্যটন নিগমৰ বুজাবুজি চুক্তি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.