ETV Bharat / state

ভ্ৰাম্যমাণ নাট্যমঞ্চ কঁপাই থকা শিল্পী বলদেৱ শইকীয়া বৰ্তমান শয্যাগত

অসহায় আৰ্থিক অনাটনে জুৰুলা কৰা শিল্পী পৰিয়াল

শিল্পী বলদেৱ শইকীয়া বৰ্তমান শয্যাগত
author img

By

Published : Feb 23, 2019, 12:00 AM IST

একালৰ ভ্ৰাম্যমাণ মঞ্চৰ বলিষ্ঠ অভিনেতা,সু-পৰিচালক, নাট্যকাৰ এতিয়া নিৰৱ। উজনিৰ পৰা নামনিলৈ ভ্ৰাম্যমাণ নাট্যমঞ্চ কঁপাই থকা শিল্পী বলদেৱ শইকীয়া বৰ্তমান শয্যাগত। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম সৃষ্টিতেই যি জন শিল্পীয়ে অভিনয়ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল সেইজন বলদেৱ শইকীয়া ২০১৩ চনৰ পৰাই বহুকেইটা ৰোগত আক্ৰান্ত ৷

একালৰ ভ্ৰাম্যমাণ মঞ্চৰ বলিষ্ঠ অভিনেতা,সু-পৰিচালক, নাট্যকাৰ এতিয়া নিৰৱ। উজনিৰ পৰা নামনিলৈ ভ্ৰাম্যমাণ নাট্যমঞ্চ কঁপাই থকা শিল্পী বলদেৱ শইকীয়া বৰ্তমান শয্যাগত। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম সৃষ্টিতেই যি জন শিল্পীয়ে অভিনয়ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল সেইজন বলদেৱ শইকীয়া ২০১৩ চনৰ পৰাই বহুকেইটা ৰোগত আক্ৰান্ত ৷

Slug :  ভ্ৰাম্যমান মঞ্চৰ বলিষ্ঠ অভিনেতা,সু:পৰিচালক, নাট্যকাৰ, প্ৰযোজক বলদেৱ শইকীয়া ৷

Anchor : একালৰ ভ্ৰাম্যমান মঞ্চজগতৰ বলিষ্ঠ অভিনেতা,সু:পৰিচালক, নাট্যকাৰ জন এতিয়া নিৰৱ , অসমৰ ইমুৰৰ পৰা সীমুৰলৈ ভ্ৰাম্যমান নাট্যমঞ্চ কপাই থকা, যাৰ নাম শুনিলেই এসময়ত ভ্ৰাম্যমানৰ প্ৰেক্ষাগৃহ নাট্যপ্ৰেমী দৰ্শকেৰে ভৰি পৰে যাৰ দূৰ্দান্ত অভিনয় চাবলৈ দৰ্শকৰ ভীৰ,যাৰবাবে পুলিচৰো সহায় লবলগা হৈছিল সেইজন আজন্ম শিল্পী বলদেৱ শইকীয়া বৰ্তমান নিৰৱ,শয্যাগত ৷

VO : শোণিতপুৰ জিলাৰ কলা- সংস্কৃতিৰ উৰ্বৰা ভুমি ঐতিহ্যমন্দিত জামুগুৰি হাটৰ ডেকাসুন্দৰ গাৱৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহন কৰা শিল্পী বলদেৱ শইকীয়াই তেওৰ পিতৃৰ প্ৰেৰণাত কৈশোৰ অৱস্হাৰ পৰাই অভিনয়ৰ পাতনি মেলিছিল ভাওনাৰ মাজেদিয়েই ৷ তেও নাট্যভিনয় জীৱনৰ পাতনি মেলে ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ উপলক্ষে মঞ্চস্হ হোৱা " নিৰ্বাসন " নাটকৰ অমৰ সিংহৰ চৰিত্ৰৰ অভিনয়ৰে ৷ 

VO 1 : শোণিত কোঁৱৰ গজেন  বৰুৱা,স্বনামধন্য শিল্পী ব্ৰজেন বৰুৱা,ড.ভৱ হাজৰিকাৰ দৰে প্ৰখ্যাত ব্যক্তি সকলৰ প্ৰেৰনাত ১৯৫৭ চনত " ডকাইত " নামৰ একাংক নাট ৰচনা কৰি নিজে অভিনয় কৰি সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট আৰু শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল ৷তাৰ পাচৰ পৰা একাধাৰে নাট্যশিল্পৰ লগত একাত্ম হৈ পৰে শিল্পী গৰাকী ৷

VO 2 : ১৯৬৩ চনত অচ্যুত লহকৰৰ নটৰাজ থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমান নাট্যমঞ্চত প্ৰৱেশ কৰে শিল্পী বলদেৱ শইকীয়াই ৷এখন নতুন পৃথিৱী,নতুন গতি,তাৰ মাজেৰেই শিল্পী গৰাকীয়ে ক্ৰমান্বয়ে অসমৰ নাট্যপ্ৰেমী দৰ্শকৰ মনৰ দাপোনত নিতৌ ন ন চৰিত্ৰৰে সাচ বহুৱাবলৈ ধৰে ৷ নটৰাজ,নটবাণী,মঞ্চৰুপা,অসম ষ্টাৰ,সুৰদেৱী,আৱাহন,কহিনুৰ আদিকে কৰি বহুকেইটা নাট্যদলত সুন্দৰ অভিনয়ৰে মঞ্চ কপাই ৰাখিছিল ৷

VO 3 : ১৯৬৩ ৰ পৰা ১৯৯০ লৈকে একেধাৰে অসমৰ ভ্ৰাম্যমান মঞ্চত দৰ্শকৰ বিপুল সমাদৰ লভা শিল্পী গৰাকীয়ে নিজে ৰচিত " পপীয়া তৰা,চকুলো নিৰৱে সৰে,বন্ধনকে ধৰি ১১খন পুনাংগ নাট প্ৰকাশ পোৱাৰ উপৰি ৬ খন নাট অপ্ৰকাশিত ভাৱে থকাৰ লগতে অসমৰ ভ্ৰাম্যমান মঞ্চত তেও বহু কেইখন নাট পৰিচালনা কৰিছিল ৷

VO 4 :  ৮০ ৰ শেষৰ ভাগত শিল্পীজনে " পাঞ্চজন্য থিয়েটাৰ নামৰ এটি ভ্ৰাম্যমান নাট্যদলৰ জন্ম দিয়ে যদিও আৰ্থিক অৱস্হা টনকিয়াল নোহোৱাৰ বাবে দলটো তেও জীয়াই ৰাখিব নোৱাৰিলে ৷

Byte : পৰিয়াল 

VO end : ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম সৃষ্টিতেই যি জন শিল্পীয়ে অভিনয়ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল সেইজন ২০১৩ বৰ্ষৰ পৰা আজি লৈকে নিৰৱ,আনৰ সহায়ত দৈনন্দিন কৰ্ম,মধুমেহকে ধৰি কেইবাটি ৰোগত ৰোগাক্ৰান্ত ৷ মাহেকীয়া কেইটামান টকাৰে অসহায় ভাবে কটাবলগীয়া হৈছে  পৰিয়ালটো চিকিৎসাৰ বাবে ৷ চৰকাৰে অকণমান সু:দৃষ্টিৰে চাবনে? 

Pranab kumar Das,ETV Bharat Assam ,Tezpur,
22/2/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.