চতিয়া, ১৭ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ জামুগুৰিৰ চৈবাৰী চেন্টাৰৰ সমীপতে থকা ৰে'ল গে'টত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তীব্ৰবেগী ৰে'লে মহতিয়াই নিলে এগৰাকী ৩০ বছৰীয়া মহিলাক । থিতাতে মৃত্যু হয় ফাতেমা বেগম নামৰ মহিলাগৰাকীৰ । জানিব পৰা মতে, চৈবাৰী চেন্টাৰত থকা এখন হোটেলত কাম কৰিছিল ফাতেমা বেগমে । দৰিদ্ৰ মহিলাগৰাকীয়ে কাণেৰে শুনা পোৱা নাছিল ।
সেয়ে, ৰে'ল আহি থকাৰ কথা তেওঁ গম নোপোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । বৃহস্পতিবাৰে পুৱা ৰে'লৱে আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক চমজাই দিয়ে । মৃত মহিলাগৰাকীৰ ঘৰ বিশ্বনাথ জিলাৰ টেঙা বস্তিত বুলি জানিব পৰা গৈছে ৷ শাৰিৰীক বাধাকো নেওচি কাম কৰি দুবেলা দুমুঠি যোগাৰ কৰা মহিলাগৰাকীৰ মৃত্যুৰ পিছত এতিয়া শোকৰ ছাঁ পৰিছে চৈবাৰীত ।
লগতে পঢ়ক:কংগ্ৰেছত কি হৈছে ? কিয় দায়িত্ব এৰিছে ইজনৰ পিছত সিজন নেতাই !