জামুগুৰিহাট, 2 আগষ্টঃ জামুগুৰিহাটৰ উত্তৰাঞ্চলত বৰদিকৰাই নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে অঞ্চলটোৰ নামেৰী-বৰদিকৰাই ঘাট ৷ অৰুণাচলৰ সুউচ্চ পাহাৰৰপৰা বৈ অহা এই বৰদিকৰাই নদীয়ে বাৰিষাৰ বতৰত ফেনেফোটোকাৰে বৈ অহাৰ ফলত চপৰা চপৰে গৰা খহাবলৈ ধৰাত এতিয়া অস্তিত্বৰ সংকটত পৰিছে নদীখনৰ গাঁতে লাগি থকা তথা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী নামেৰী-বৰদিকৰাই ঘাট ৷ প্ৰায় পাঁচশ মিটাৰৰো অধিক ঘাটটো নদীখনৰ বুকুত ইতিমধ্যে জাঁহ যোৱাৰ লগতে বহুবিঘা কৃষিভুমিও নদীৰ বুকুত জাঁহ যোৱাত বৰদিকৰাই ঘাটত নদুৱাৰ আঞ্চলিক পঞ্চায়ত আৰু মূঢ়াদল গাঁও পঞ্চায়তৰ এটি প্ৰতিনিধিৰ দলে গৰাখহনীয়াস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নদীৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজৰ লগত আলোচনাত মিলিত হয় ৷
ইফালে বাৰিষাৰ বতৰত খৰস্ৰোতা নদীখনে ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ ১৫ খনৰো অধিক গাঁৱলৈ ৷ অঞ্চলটোৰ বামুনিপাম,১নং বৰদিকৰাই,খকণবস্তি,গড়বিল আদি কৰি নিকটৱৰ্তী গাঁওসমূহৰ জনসাধাৰণে তেওঁলোকৰ জীৱন সম্পত্তিক লৈ চিন্তিত হৈ পৰিছে ৷ বৰদিকৰাই ঘাটৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷