চতিয়া,১ জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে বনভোজ খাই ঘৰলৈ ওভতাৰ পথত চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ বামুণবাৰী গাঁৱত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত ১৭ জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, অসম অৰুণাচল সীমান্তবৰ্ত্তী চিজোচাত বনভোজ খাই ২৫ জনীয়া এটা দলে এখন বলেৰ পিক-আপ ভেন (এ এচ ১২-ই ৩৩৬৩)ত ঘৰলৈ বুলি উভতি আহিছিল ৷ সেই সময়তে বৈমৰা নামৰ ঠাইখিনিত সংঘটিত হয় দুৰ্ঘটনাটো ৷ বিপৰীত ফালৰ পৰা অহা আন এখন বাহনক পথ এৰি দিবলৈ গৈ নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে বলেৰ পিক-আপ ভেনখন ৷ দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হোৱা লোককেইজনক ততাতৈয়াকৈ উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
ইফালে, আহত সকলৰ ৮ গৰাকীকৈ লোকৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক প্ৰেৰণ কৰা হয় তেজপুৰ অসামৰিক চিকিৎসালয়লৈ ৷
অন্য এক খবৰৰ বাবে: আজিৰে পৰা আৰম্ভ হ'ল চানডুবি মহোৎসৱ