ETV Bharat / state

শোণিতপুৰ আৰক্ষীৰ জালত ৫ ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীৰ অভিযান (Sonitpur police raid against drugs)। কেইবাটাও অভিযানৰ অন্তত ৫ টা ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ । দুখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে ।

author img

By

Published : May 18, 2022, 4:04 PM IST

Sonitpur
শোণিতপুৰ আৰক্ষীৰ জালত ৫ ড্ৰাগছ সৰবৰাহকাৰী

তেজপুৰ, ১৮ মে' : ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে নিচাজাতীয় দ্ৰব্য যেনে- ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে (Assam police raid against drugs)। তাৰ মাজতে প্ৰতিদিনে আৰক্ষীয়ে লাখ লাখ টকাৰ নিচাজাতীয় দ্ৰব্য আৰু এই কাৰ্যৰ লগত জড়িত ব্যক্তিসকলক আটক কৰিছে । কিন্তু ইয়াৰ পাছতো ৰাজ্যত এই নিষিদ্ধ সামগ্ৰীৰ বেহা অব্যাহত আছে ।

তেজপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক অভিযান চলাই ভোমোৰাগুৰি দলঙৰ সমীপৰ পৰা ২৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় (Drugs paddler arrested in Tezpur)। ড্ৰাগছ সৰৰাহৰ লগত জড়িত তিনিজনৰ ভিতৰত দুজন একে নামৰ আনোৱাৰ হুছেইন আৰু আনজন মুজিবৰ ৰহমান বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে উক্ত সৰবৰাহকাৰী কেইটাই AS-12-8533 নম্বৰৰ এখন চাৰিচকীয়া বাহনেৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল । কিন্তু পূৰ্বৰে ভোমোৰাগুৰি দলঙত ৰৈ থকা বৰঘাট আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ২৭ টা কণ্টেইনাৰত মুঠ ৩.৮ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে (Drugs seized in Tezpur )।

ইফালে নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অপৰাধত বৰঘাট আৰক্ষীয়ে ইয়াৰ পূৰ্বে আন এক অভিযান চলাই সোমবাৰে নিশা কুৰকানি অঞ্চলৰ পৰা আটক কৰে ৫০ বছৰীয়া জাহৰা খাতুনৰ লগতে ২৫ বছৰীয়া পুত্ৰ আব্দুল হাচিফক ৷ অভিযুক্ত মাতৃ-পুত্ৰই দীৰ্ঘদিন ধৰি নিজ গৃহৰ পৰাই ড্ৰাগছৰ ব্যৱসায় চলায় থকাৰ অভিযোগ উঠিছে ৷ বিশেষকৈ মাতৃ-পুত্ৰই অঞ্চলটোৰ যুৱকক যোগান ধৰি আহিছিল মাৰাত্মক ড্ৰাগছ ৷

সোমবাৰে গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত জাহৰা খাতুন আৰু আব্দুল হাচিফৰ কৱলৰ পৰা ১৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আৰক্ষীয়ে অভিযুক্ত মাতৃ-পুত্ৰক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত AS-13-M-0504 নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰে ৷ আনহাতে, ধৃত আব্দুল হাচিফৰ স্বীকাৰোক্তিৰ ভিত্তিতে বৰঘাট ঝাৰনিৰ পৰা উছমান আলী নামৰ আন এজন যুৱককো ড্ৰাগছ সৰবৰাহৰ অভিযোগত নিশাই আটক কৰে বৰঘাট আৰক্ষীয়ে ৷

লগতে পঢ়ক :Drugs paddler arrested: নগাঁও আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.