ETV Bharat / state

Municipal election 2022 : পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন

author img

By

Published : Mar 4, 2022, 2:12 PM IST

মাজত মাত্ৰ কেইটিমান মূহুৰ্ত্ব । অন্ত পৰিব পৌৰসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ । সুকলমে নিৰ্বাচন সম্পন্ন কৰিবলৈ সাজু নিৰ্বাচনী আয়োগ । তেজপপুৰতো অন্তিম প্ৰচাৰত নামি পৰিছে প্ৰাৰ্থীসকল । শোণিতপুৰ জিলাত চাৰিখন পৌৰসভাৰ বাবে ১০৫ টা ভোটকেন্দ্ৰত ১২৬ টা EVMৰে ভোটগ্ৰহণ কৰিবলৈ সাজু জিলা প্ৰশাসন ।

পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন

তেজপুৰ, ৪ মাৰ্চ: আৰু মাত্ৰ কিছুসময়ৰ পাছতেই অন্ত পৰিব পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰৰ । প্ৰাৰ্থীসকল নামি পৰিছে অন্তিম নিৰ্বাচনী প্ৰচাৰত । প্ৰথমবাৰৰ বাবে প্ৰথম বাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন EVM ত বন্দী হব পৌৰ সভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ ভাগ্য । তাৰবাবে সাজু প্ৰতিখন জিলা প্ৰশাসন ।

EVM ৰে ভোটগ্ৰহণ কৰিবলৈ সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসনো । জিলাখনৰ চাৰিখন পৌৰ সভাত ৮৬,০৬৬ জন ভোটাৰৰ বাবে জিলা প্ৰশাসনে ১০৫ টা ভোট গ্ৰহণ কেন্দ্ৰত ১২৬ টা EVM ব্যৱহাৰ কৰিব বুলি জানিবলৈ দিয়ে ।

উল্লেখযোগ্য তেজপুৰ পৌৰসভাৰ ১৯টা ৱাৰ্ডৰ মুঠ ৫০ হাজাৰ ৮৫১ গৰাকী ভোটাৰৰ বিপৰীতে ৫৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । তেজপুৰ পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৫৭গৰাকী প্ৰাৰ্থীৰ ভিতৰত , ভাৰতীয় জনতা পাৰ্টিৰ ১৬ গৰাকী তাৰে এগৰাকী বিনা প্ৰতিদ্বন্দিতাত নিৰ্বাচিত হৈছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ সংখ্যা ১৬ গৰাকী । জিলাখনত অসম গণ পৰিষদ AGP দলৰ মাত্ৰ ৩ গৰাকী প্ৰাৰ্থী নামিছে ভোটযুদ্ধত ।

Municipal election 2022
সুকলমে নিৰ্বাচন সম্পন্ন কৰিবলৈ সাজু নিৰ্বাচনী আয়োগ

লক্ষণীয় কথাটো হল তেজপুৰ বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ বিধায়ক থকা স্বত্বেও কিয় ৩ টা ৱাৰ্ডত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিব লগীয়া হৈছে তাক লৈ সচেতন মহলত চলিছে সৰৱ চৰ্চা । ঐতিহাসিক তেজপুৰক আঞ্চলিকতাবাদৰ দুৰ্গ বুলি কোৱা হয় সেইসময়ত তেজপুৰ পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ১৬টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে অসম গণ পৰিষদ AGP য়ে ৩টা ৱাৰ্ডত প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে যদিও সেয়া ভোট গ্ৰহণৰ পিছতহে নিৰ্ধাৰণ হব ।

লগতে পঢ়ক: Popularity of Congress: নগৰাঞ্চলত হ্ৰাস পাইছে নেকি কংগ্ৰেছৰ জনপ্ৰিয়তা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.