ETV Bharat / state

নিৰ্বাচনলৈ সাজু শোণিতপুৰ জিলা প্ৰশাসন

author img

By

Published : Mar 25, 2021, 10:47 PM IST

তেজপুৰ নিৰ্বাচনী জিলাত 1324 টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা 6.30 বজাৰ পৰা টকেন বিতৰণ কৰা হ’ব ৷ সাত বজাৰ পৰা বিয়লি ছয় বজালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ লগতে ভোটগ্ৰহণৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰা ক'ভিড প্ৰটকল অনুসৰি যথেষ্ট বিধি ব্যৱস্থাৰ মাজৰে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব ৷

sonitpur-district-ready-for-the-first-phase-election
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু শেণিতপুৰ জিলা প্ৰশাসন

তেজপুৰ,25 মাৰ্চ: ইতিমধ্যে সামৰণি পৰিল ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া শোণিতপুৰ নিৰ্বাচনী জিলাৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ 9 লাখ 37 হেজাৰ 935 গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ এইবাৰ নৱ প্ৰজন্মৰ 96 শতাংশ ভোটাৰৰ নাম পঞ্জীয়ন হোৱাৰ লগতে তেওঁলোকে ভোটাধিকাৰে সাব্যস্ত কৰিব ৷ বৃহস্পতিবাৰে শোণিতপুৰৰ উপায়ুক্তৰ সন্মিলন কক্ষত আয়োজিত এক সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে সদৰী কৰে এই তথ্য ৷

তেওঁ লগতে কয় যে, তেজপুৰ নিৰ্বাচনী জিলাত 1324 টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা 6.30 বজাৰ পৰা টকেন বিতৰণ কৰা হ’ব ৷ সাত বজাৰ পৰা বিয়লি ছয় বজালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ লগতে ভোটগ্ৰহণৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰা ক'ভিড প্ৰটকল অনুসৰি যথেষ্ট বিধি ব্যৱস্থাৰ মাজৰে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব ৷ ভোটদাতাই মাস্ক, হাত মোজা, পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব ৷ স্বাস্থ্য কৰ্মীৰ দ্বাৰা শৰীৰৰ উত্তাপ জোখা, চেনিটাইজাৰ ব্যবহাৰ আদিৰ জৰিয়তে ক’ভিড সংক্ৰমণ যাতে নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা মানি চলিব লাগিব ৷ ইয়াৰোপৰি শাৰী পাতি প্ৰৱেশ কৰিবলগীয়া ভোটদাতাক পৰীক্ষা কৰি টোকেন দিব আৰু এজন এজনকৈহে ভোটদান কৰিব পাৰিব ৷ ভোটদাতাই এপিক কাৰ্ডৰ উপৰিও স্বীকৃতিপ্ৰাপ্ত নথিৰে পৰিচয় নিশ্চিত কৰি ভোটদান কৰিব পাৰিব বুলি সংবাদমেলত সদৰী কৰে উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷

উল্লেখ্য যে,জিলাখনৰ 1324 টা ভোট কেন্দ্ৰৰ 60 টা কেন্দ্ৰ বিজুলী সেৱা আৰু 80 টা কেন্দ্ৰ ম’বাইল সেৱাই ঢুকি নোপোৱা অঞ্চলৰ হোৱাত বিকল্প যোগাযোগ ব্যৱস্থা অব্যাহত ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে প্ৰশাসনে ৷ জিলা খনত ভোটদান নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ন হেজাৰ বিষয়া-কৰ্মচাৰী ঠিৰাং কৰিছে আৰু ইয়াৰে 6,730 গৰাকীয়ে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা বুলিও উপায়ুক্ত সিঙে সদৰী কৰে ৷ নিৰ্বাচনী জিলাৰ মুঠ 50 টা কেন্দ্ৰৰ মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰৰ ভিতৰত তেজপুৰত 40, ৰঙাপৰা সমষ্টিত 3 টা, বৰছলা সমষ্টিত 2 টা, চতিয়া সমষ্টিত 2 টা আৰু ঢেকীয়াজুলিত 3 টা কেন্দ্ৰ মহিলাই পৰিচালিত কৰিব ৷

আনহাতে, বৰছলা, ৰঙাপৰা, তেজপুৰ, চতিয়া আৰু ঢেকীয়াজুলিত সমষ্টিত চিআৰপিএফৰ 30 নং বেটেলিয়নৰ সহযোগত আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব ৷ লগতে বিষয়া-কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰসকলৰ যাতায়তৰ বাবে সৰু বাহন 200 খন আৰু 532 ডাঙৰ বাহন ব্যৱহাৰ কৰা হ'ব ৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱাৰে পৰাই তেজপুৰ কলেজিয়েট বাকৰিৰ লগতে কাষৰীয়া অঞ্চলত এই অধিগ্ৰহণ কৰা বাহনসমূহ ৰখা হৈছে ৷

আনহাতে, যোৱা 26 ফেব্ৰুৱাৰীত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰে পৰা জিলাখনৰ বিভিন্ন স্থানত 95 লাখ 63 হাজাৰ টকা জব্দ কৰা লগতে বহু পৰিমাণৰ অবৈধ সুৰাও জব্দ কৰে বুলি সংবাদমেলত প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে ৷ নিৰ্বাচনত 581 খন চিনাক্ত কৰা কেন্দ্ৰত শাৰিৰীক অসুস্থ, বয়স্ক ব্যক্তি, বিশেষভাৱে সক্ষম লোকৰ বাবে হুইল চেয়াৰ ব্যৱহাৰ কৰিব ৷ নিৰ্বাচনৰ সুকলমে পৰিচালনা কৰাৰ বাবে শুকুৰবাৰে নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত ৰেণ্ডমাইজেশ্বন কৰি আৰক্ষীৰ নিজ নিজ কেন্দ্ৰ নিৰ্ধাৰণ কৰা বুলি জনাইছে আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই সদৰী কৰি ইতিমধ্যে জিলাখনৰ প্ৰতিটো সমষ্টিতে ফ্লেগমাৰ্চ কৰা বুলি জনাইছে আৰক্ষী বিষয়া গৰাকীয়ে ৷

বৰ্তমানলৈকে নিৰ্বাচন সংক্ৰান্তত চতিয়াত ছটা, তেজপুৰত দুটা আৰু ঢেকীয়াজুলিত এটাকৈ গোচৰ পঞ্জীয়ন হোৱা বুলি উল্লেখ কৰি জিলাখনত ষ্টেষ্টিক চাৰ্ভলিয়েনচ আৰু ফ্লায়িং স্কোৱাড গঠন কৰি তদাৰক কৰাৰ লগতে জিলাত যাতে অন্য ঠাইৰ পৰা অশান্তি কৰিব নোৱাৰে তাৰ বাবে ভোটগ্ৰহণৰ দিনা সীমান্ত ছীল কৰি দিয়া হ’ব বুলি জনাইছে আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই ৷

লগতে পঢ়কঃ প্ৰাক্তন কংগ্ৰেছ নেতা ৰঞ্জন বৰাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.