ETV Bharat / state

শুকুৰবাৰে শোণিতপুৰত ৩ জন কৰ’ণা আক্ৰান্তৰ মৃত্যু

শোণিতপুৰত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি । শুকুৰবাৰে শোণিতপুৰত নতুনকৈ ১৮৫ জন আক্ৰান্ত । জিলাখনত এতিয়ালৈকে ১,৬৫৩ গৰাকী লোক মহামাৰীৰ কবলত পৰিছে ।

author img

By

Published : May 15, 2021, 9:07 AM IST

Sonitpur district covid report
শোণিতপুৰত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি

তেজপুৰ,১৫ মে': ৰাজ্যত বাঢ়িয়েই আছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । ৰাজ্যৰ আন আন জিলাৰ লগতে শোণিতপুৰতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । বৰ্তমানলৈকে জিলাখনৰ ১,৬৫৩ গৰাকী লোক মহামাৰীত আক্ৰান্ত হৈছে ।

শুকুৰবাৰে শোণিতপুৰত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮৫ জন লোক নতুনকৈ আক্ৰান্ত হয় । এই পৰ্যন্ত জিলাখনত ৩০ জন ৰোগীৰ মৃত্যু হৈছে । তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তৰফৰ পৰা জনোৱা তথ্য অনুসৰি, ক'ভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক উম প্ৰকাশ দাসে প্ৰাণ হেৰুৱাইছে ।

গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে দাসৰ । উল্লেখ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক'ভিড ৰোগীৰ বাবে ১৬০ খন বিচনা থকাৰ উপৰিও ২০ খন আইচিইউত বিচনা আছে ।

আনহাতে, তেজপুৰ পৰোৱাৰ মহিলা-শিশুৰ বাবে সংৰক্ষিত ২০০ খন বিচনাযুক্ত চিকিৎসালয়ত বৰ্তমান প্ৰায় ৩০ জন ৰোগী আছে । ডেকাৰগাঁও আদৰ্শ চিকিৎসালয়ত ২০০ খন বিচনা আছে আৰু চিকিৎসালয়খনত ৭০ জন লোক চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: বিশ্ব দৰবাৰত জিলিকি উঠিছে লখিমপুৰৰ সৃষ্টিৰাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.