তেজপুৰ, আগষ্ট 30 : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনো সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে NRC চূড়ান্ত খচৰা প্ৰকাশৰ বাবে । মাত্ৰ কেইটামান ঘণ্টাৰ পিচতে প্ৰকাশ পাব বহু প্ৰতীক্ষিত অসম আৰু অসমীয়াৰ ৰক্ষা কৱচ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা । শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত জিলা প্ৰশাসনে জনায় যে, জিলাখনৰ মুঠ 98 টা NRC কেন্দ্ৰত এই খচৰা তালিকা জনসাধাৰণে চাব পাৰিব ।
অহা 31 আগষ্টত প্ৰকাশ পাব নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা । যদিহে কোনো ভাৰতীয় নাগৰিকৰ নাম খচৰাত অন্তৰ্ভুক্ত নহয়, তেওঁ পুনৰ শোণিতপুৰ জিলাৰ 21 টাকৈ অভিযোগ কেন্দ্ৰত তথ্যসহ আবেদন জনাব পাৰিব । বৰ্তমানলৈকে শান্তিপূৰ্ণ ভাবে সকলো কাম-কাজ অব্যাহত আছে জিলাখনত । খচৰা প্ৰকাশৰ পিচত উদ্ভৱ হ'ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতি সাপেক্ষে মোকাবিলা কৰিবলৈ সশস্ত্ৰ সীমা বল আৰু অৰ্ধ সামৰিক বাহিনীৰ বহু কেইটা অতিৰিক্ত কোম্পানী ইতিমধ্যে সাজু কৰি ৰখা হৈছে । ইতিমধ্যে সমগ্ৰ শোণিতপুৰ জিলাত 144 ধৰা জাৰি কৰিছে জিলা প্ৰশাসনে ।