তেজপুৰ,১১আগষ্টঃ পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এক অভিনৱ পদক্ষেপ । সম্প্ৰতি লক ডাউনৰ বাবে দেশৰ লগতে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৷ শিক্ষা গ্ৰহণৰ কৰাৰ পৰা বঞ্চিত হৈ আছে ছাত্ৰ ছাত্ৰী সকল ৷ বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ই এক জটিল সমস্যাৰ সৃষ্টি হৈছে । যদিও অন্ লাইনত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে সেইয়া সম্ভৱ হৈ পৰা নাই বহুতৰে বাবে ।
দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ দানৰ ব্যৱস্থাঃ পূব বিহগুৰি শাখা ছাত্ৰ সন্থাৰ সেই সময়তে সমগ্ৰ বিহগুৰি অঞ্চলৰ ছাত্র ছাত্ৰী সকলক সামৰি পূব বিহগুৰি শাখা ছাত্ৰ সন্থাই বিনামূলীয়াকৈ পাঠদানৰ ব্যৱস্থা কৰিছে । মঙলবাৰে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰীস্মিতা বৰাই উদ্ধোধন কৰা পাঠদান কাৰ্যসূচী স্বাস্থ্য বিভাগৰ সকলো নিয়ম অনুসৰি সম্পাদন কৰে বুলি জানিবলৈ দিয়ে শাখা ছাত্ৰ সন্থাৰ সভাপতি কুশল চন্দ্ৰ নাথে । আনহাতে ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক প্ৰিয়ংকু প্ৰতিম নাথে ছাত্ৰ-ছাত্ৰী সকলক শেষলৈকে এই পাঠ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।লগতে পঢ়কঃ বজালীত ছহিদ প্ৰণয় কলিতাৰ নামেৰে পথ মুকলি