ETV Bharat / state

বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কেইটামান মহামাৰী আৰু ইয়াৰ সংহাৰ - ১৭২০ চনত ফ্ৰান্সৰ মাৰছিলি নামৰ চহৰখনত দেখা দিয়া বুবনিক প্লেগ নামৰ মাৰাত্মক ৰোগ

প্ৰত্যেক এশ বছৰ মূৰে মূৰে সমগ্ৰ বিশ্বতে এটা নতুন সংক্ৰমণাত্মক ব্যাধি বা অৰ্থাৎ ভাইৰাছৰ কৱলত ককবকাই থাকিব লগীয়া হৈছিল বিশ্ব বাসী ৷ আজিৰে পৰা প্ৰায় হাজাৰ বছৰৰ আগতে প্ৰায় ৩০০-৫০০ মিলিয়ণ লোকে প্ৰাণ হেৰুৱাইছিল কলেৰা, বোৱনীক প্লেগ ,বসন্ত আদি মহামাৰী ৰোগত।

Some pandemic which hassled-suffled the entire world
বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কেইটামান মহামাৰী আৰু ইয়াৰ সংহাৰ
author img

By

Published : Mar 17, 2020, 11:05 PM IST

তেজপুৰ,১৭ মাৰ্চ : ক্ৰমাৎ বৃদ্ধি পাইছে চুবুৰীয়া দেশ চীনৰ পৰা বিয়পি অহা মাৰাত্মক বীজাণু কৰ'না ভাইৰাছ অৰ্থাৎ COVID-19 ৰ সন্ত্ৰাস । এতিয়া সমগ্ৰ বিশ্বতে বিয়পিছে এই মাৰাত্মক ভাইৰাছ ৷ এই ভাইৰাছৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে অতি উন্নত প্ৰযুক্তিৰ দেশতো বৰ্তমানলৈকে ৮৭ জন লোকৰ মৃত্যু হোৱা খবৰ প্ৰকাশ পাইছে । ভাৰতবৰ্ষত এই বীজাণুৰ গ্ৰাসত পৰা লোকৰ সংখ্যা 137 জনলৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু ঘটিছে 3 জনকৈ লোকৰ ৷ এই ভাইৰাছক প্ৰতিহত কৰাৰ বাবে সকলো দেশতে যুদ্ধকালীন তৎপৰতা চলি আছে যদিও নিয়ন্ত্ৰনলৈ অহা নাই এই মাৰাত্মক ভাইৰাছবিধ ৷ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ইবলা ভাইৰাছ ক্ষান্ত হোৱাৰ পিছতেই যেন আকৌ আৰম্ভণি ঘটিলে এই কৰ'না ভাইৰাছৰ ।

অতি তাৎপৰ্যপূৰ্ণক ভাৱে প্ৰত্যেক এশ বছৰ মূৰে মূৰে সমগ্ৰ বিশ্বতে এটা নতুন সংক্ৰমণাত্মক ব্যাধি বা অৰ্থাৎ ভাইৰাছৰ কৱলত ককবকাই থাকিব লগীয়া হৈছিল বিশ্ব বাসীয়ে । আজিৰে পৰা প্ৰায় হাজাৰ বছৰৰ আগতে প্ৰায় ৩০০-৫০০ মিলিয়ণ লোকে প্ৰাণ হেৰুৱাইছিল কলেৰা, বোৱনীক প্লেগ ,বসন্ত আদি মহামাৰী ৰোগত। মূলত আন্তঃ ৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ বিয়পি পৰিছিল এই মহামাৰী ৰোগ সমুহ । শেহতীয়াকৈ ইবলা ভাইৰাছ ৰ ফলত প্ৰায় হাজাৰ লোকে প্ৰাণ হেৰুৱাই দক্ষিন আফ্ৰিকাত ৷ আনহাতে কংগোত ১৯৭৬ চনত আৰম্ভণি হোৱা এইচ আই ভি /এইডছৰ ফলত প্ৰায় ৩৬ মিলিয়ণ লোকৰ মৃত্যু ঘটিছিল আৰু বৰ্তমানেও আক্ৰান্ত হৈ আছে এই ব্যাধীত ।

বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কেইটামান মহামাৰী আৰু ইয়াৰ সংহাৰ

১৯৬৮ আৰম্ভ হোৱা ইনফ্লুৱেঞ্জা যাক কোৱা হয় "the Hong kong Flu'' সেই ৰোগত প্ৰাণ হেৰুৱাই এক মিলিয়ণ লোকে । ইয়াৰ আগতে ১৯৫৬-১৯৫৮ চনত এছিয়ান ফ্লুত ২ মিলিয়ণ লোকৰ মৃত্যু আৰু ফ্লু পেনডেমিকত ২০-৫০ মিলিয়ণ লোকে প্ৰাণ হেৰুৱাইছিল । উল্লেখযোগ্য যে অন্তনিক প্লেগত ১৬৫ খ্ৰীষ্টপূৰ্বত ৫ মিলিয়ণ আৰু প্লেগ অফ জোষ্টিন ৫৪১-৫৪২ ত হোৱা ভয়ানক মহামাৰীত ২৫ মিলিয়ণ লোকে প্ৰাণ হেৰুৱাই ৷ ইয়াৰ পিছত ১৩৪৬-১৩৫৩ ত Black death ৰ ফলত প্ৰায় ২০০ মিলিয়ণ লোকৰ মৃত্যু হোৱাৰ লগতে ১৮৫২-১৮৬০ চনত তৃতীয় কলেৰা মহামাৰীত ১ মিলিয়ণ লোক এই মহামাৰীত মৃত্যু হৈছিল ৷ তাৰপিছত ১৮৮৯-১৮৯০ ত ফ্লু পেনডেমিকত ১ মিলিয়ণ ,আৰু ১৯১০-১৯১১ চনত Sixth Cholera Pandemic মৃত্যু হৈছিল ৮০০,০০০ ৰো অধিক লোকৰ মৃত্যুৰ ফলত সমগ্ৰ বিশ্বতে খলকনি তুলিছিল ৷

উল্লেখ্য যে ১৭২০ চনত ফ্ৰান্সৰ মাৰছিলি নামৰ চহৰখনত দেখা দিয়া বুবনিক প্লেগ নামৰ মাৰাত্মক ৰোগবিধে মহামাৰীৰ ৰূপ লৈছিল। এই ৰোগত মৃত্যু হৈছিল প্ৰায় ১ লাখ লোকৰ। মাৰছিলি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সংহাৰ চলাইছিল এই মহামাৰীয়ে। ১৮১৭ চনত ভাৰতত আৱিৰ্ভাব ঘটা কলেৰা মহামাৰীয়ে ১৮২০ চনত থাইলেণ্ড, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত প্ৰৱেশ কৰি চলোৱা তাণ্ডৱে সচকিত কৰি তুলিছিল সমগ্ৰ বিশ্বকে । অতি কম সময়ৰ ভিতৰতে এই মহামাৰীত মৃত্যু হৈছিল ১ লাখতকৈ অধিক লোকৰ। ইয়াৰ পিছতে এই ৰোগ বিয়পি পৰিছিল চীন আৰু জাপানলৈ। ১৯১৮ চনত আৱিৰ্ভাব ঘটা স্পেনিছ ফ্লু নামৰ অতিকৈ মাৰাত্মক ইনফ্লুৱেঞ্জা ৰোগবিধে মহামাৰীৰ ৰূপ ধাৰণ কৰি ১৯২০ চনৰ ডিচেম্বৰ পৰ্যন্ত সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছিল ৷ সমগ্ৰ বিশ্বতে এই মহামাৰীত ৫ৰ পৰা ১০ কোটি লোকৰ মৃত্যু হৈছিল বুলি ধাৰণা কৰা হয়। আৰু এই ৰোগত সেই সময়ৰ বিশ্বৰ জনসংখ্যাৰ প্ৰায় 27% লোক আক্ৰান্ত হৈছিল।

এতিয়া প্ৰশ্ন হল চীনত আৰম্ভণি হোৱা COVID-19 ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধিয়ে সমগ্ৰ বিশ্বতে সজাগতাৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ?

লগতে পঢ়কঃ গোলাঘাটত চিকিৎসকৰ বাসগৃহৰ পৰা উদ্ধাৰ পিষ্টল

For All Latest Updates

TAGGED:

COVID-19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.