ETV Bharat / state

Skulls of capped langurs found : বিহালি সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ ৫টা দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ লাওখোলা

এইবাৰ চোৰাং চিকাৰীৰ টাৰ্গেট টুপীমূৰীয়া বান্দৰ নেকি ? কিয়নো বিহালি সংৰক্ষিত বনাঞ্চলৰ হাতীদিপু ৰংগড়া বনভোজ থলীৰ নিচেই সমীপত উদ্ধাৰ দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ 5টাকৈ লাওখোলা (Skulls of capped langurs found in Behali reserve forest) ৷

Behali reserve forest
বিহালি সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ ৫টা দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ লাওখোলা
author img

By

Published : Jan 8, 2022, 5:48 PM IST

তেজপুৰ, ৮ জানুৱাৰী: টুপীমূৰীয়া বান্দৰ উত্তৰ-পূৱ ভাৰতত সচৰাচৰ দেখা পোৱা বান্দৰৰ এবিধ প্ৰজাতি । বান্দৰৰ এই প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো দেখিবলৈ পোৱা যায় । টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল ।

টুপীমূৰীয়া বান্দৰক ভাৰতীয় বন্যপ্ৰাণী আইনত প্ৰথম অনুসূচীৰ জীৱ হিচাপে স্বীকৃতি দিয়া হৈছে । এই প্ৰাণীবিধ মূলতঃ ঝুম খেতি, বনাঞ্চল ধ্বংস, চোৰাং চিকাৰ আদি কাৰণত সংকটৰ মুখামুখি হৈ আহিছে ৷ ফলত এই নিৰ্জু, লাজকুৰীয়া প্ৰাণীবিধৰ বাসস্থান দিনক-দিনে নাইকীয়া হৈ আহিব ধৰিছে ৷

শেহতীয়াকৈ হিমালয়ৰ পাদদেশ অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত বিহালি সংৰক্ষিত বনাঞ্চলৰ হাতীদিপু ৰংগড়া বনভোজ থলীৰ নিচেই সমীপত দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ খোলা উদ্ধাৰ হৈছে (Skulls of capped langurs found in Behali reserve forest)

Behali reserve forest
বিহালি সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ ৫টা দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ লাওখোলা

দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ ৫ টাকৈ লাওখোলা উদ্ধাৰ কৰিলে এটা বন্য প্ৰাণী সংস্থাই । অনুমান কৰা মতে, চোৰাং চিকাৰীয়ে বান্দৰ কেইটাৰ ছাল, নেগুৰ, হাঁড় আদি অংশ লৈ যায় যদিও পেলাই থৈ যায় মূৰকেইটা ৷ বন্য প্ৰাণী সংস্থাটোৱে বন বিভাগক খবৰ দিয়াত ইতিমধ্যে এই সংক্ৰান্তত এক গোচৰ ৰূজু কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : পথৰ দাঁতিত টুপীমূৰীয়া বান্দৰৰ ক্ৰীড়া

বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী অৰুণ ভিনগেছয়ে জানিব দিয়া অনুসৰি, ইতিমধ্যে এই সংক্ৰান্তত এক গোচৰ ৰূজু কৰি ঘটনা সন্দৰ্ভত আৰু সমীপৱৰ্তী অঞ্চলত তালাচী অভিযান অব্যাহত ৰাখিছে ৷ চোৰাং চিকাৰীয়ে আৰু অধিক বান্দৰ হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰীগৰাকীয়ে ।

স্মৰ্তব্য যে, যে বিশ্বনাথ জিলাৰ বিহালি সংৰক্ষিত বনাঞ্চল (Behali reserve forest) এলেকাত পূৰ্বেও বিভিন্ন ধৰণৰ বন্যপ্ৰাণী চোৰাং চিকাৰীৰ চিকাৰ হৈছে ৷ বনাঞ্চলখনত বনৰীয়া হাতীও চিকাৰ হৈছে চোৰাং চিকাৰীৰ ।

উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখিবলৈ পোৱা এইবিধ প্ৰজাতিৰ বান্দৰৰ চাৰিটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে ৷ সেইয়া হৈছে Trachypithecus pileatus pileatus, Trachypithecus pileatus durga, Trachypithecus pileatus brahma, Trachypithecus pileatus tenebricus ৷

লগতে পঢ়ক : বিহালী বনাঞ্চলক অভয়াৰণ্য ঘোষণাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.