ETV Bharat / state

মণিপুৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ; দুই অপহৃত শ্ৰমিককো উদ্ধাৰ নিৰাপত্তা বাহিনীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 8:26 PM IST

Explosive rescued in Manipur : বিএছএফ আৰু আৰক্ষীৰ সৈতে অসম ৰাইফলছৰ এটা দলে অঞ্চলটোত তালাচী চলাই ৪৫ টা আইইডি, ৭০০ মিটাৰ কৰ্ডেক্স আৰু ৩০০ মিটাৰ ফ্লেক্সিবল ৱায়াৰ উদ্ধাৰ কৰে ।

Assam Rifles search operation in Manipur
মণিপুৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ

তেজপুৰ, ১৫ ডিচেম্বৰ : বিগত তিনিদিন ধৰি মণিপুৰত বৃহৎ পৰিমাণৰ গোলাবাৰুদ তথা অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে । এক গোপন সূত্ৰৰ ভিত্তিত চোৰাংচোৱাৰ সহযোগিতাত অসম ৰাইফলছ, বিএছএফ আৰু মণিপুৰ আৰক্ষীৰ যৌথ অভিযানত সেনাম নামৰ এক ঠাইত বংয়াং ৰোডত ইম্প্ৰ'ভাইজড এক্সপ্ল'ছিভ ডিভাইচ (আইইডি) আৰু বৃহৎ পৰিমাণৰ আনুষংগিক সামগ্ৰী উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে ।

উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ
উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ

অসম ৰাইফালছৰ এক তথ্যত প্ৰকাশ যে বিএছএফ আৰু আৰক্ষীৰ সৈতে অসম ৰাইফলছৰ এটা দলে অঞ্চলটোত তালাচী চলাই ৪৫ টা আইইডি, ৭০০ মিটাৰ কৰ্ডেক্স আৰু ৩০০ মিটাৰ ফ্লেক্সিবল ৱায়াৰ উদ্ধাৰ কৰে । উদ্ধাৰৰ পিছত অঞ্চলটো চেনিটাইজ কৰা হয় আৰু আইইডিসমূহ বোমা নিষ্কাশনকাৰী দলে স্থানীয়ভাৱে নিৰাপদে নিষ্ক্ৰিয় কৰে ।

উল্লেখ্য যে যোৱা ১২ ডিচেম্বৰতো চুৰাচান্দপুৰৰ সাংগাইকোটত এক অনুৰূপ অভিযানত অসম ৰাইফলছ, আইটিবিপি, চিআৰপিএফ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া দলে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে । এই অভিযানত এটা এছএলআৰ, এটা ৯ এমএম পিষ্টল, এটা ৰিভলভাৰ, আঠটা ইম্প্ৰ'ভাইজড মৰ্টাৰ, এটা কন্দুৱা গেছৰ বন্দুক, তিনিটা ছিংগল বেৰেল ৰাইফল আৰু দেশত নিৰ্মিত বোমাকে ধৰি মুঠ ১৫ টা অস্ত্ৰ উদ্ধাৰ কৰা হয় ।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহ সাংগাইকোট আৰক্ষী থানাত গতাই দিয়া হৈছে । আনহাতে, অন্য এক অভিযানত অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যৌথ অভিযানত দুজন অপহৃত শ্ৰমিকক উদ্ধাৰ কৰে । তথ্য মতে, যোৱা ১৩ ডিচেম্বৰৰ মাজনিশা মণিপুৰৰ তামেংলং জিলাৰ অসম-মণিপুৰ সীমান্তত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা নিৰ্মাণ স্থানৰ পৰা অচিনাকি অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে শ্ৰমিক দুজনক অপহৰণ কৰে । এই তথ্য লাভ কৰাৰ লগে লগে অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া দলে এক অভিযান আৰম্ভ কৰে ।

যৌথ অভিযানত দলটোৱে লাংনমৰ নিৰ্মাণ স্থানৰ লগতে মুক্তাখোল, টাটবুং, লাংনম আৰু ফাইটোল গাঁৱত তীব্ৰ অভিযান চলাই নিৰাপত্তা বাহিনীৰ লোকে দুয়োজন শ্ৰমিকক বৃহস্পতিবাৰে নিশা উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে । অসম-মণিপুৰ সীমান্তৱৰ্তী অঞ্চলত বিভিন্ন উগ্ৰপন্থী সংগঠনে নিৰ্মাণকাৰ্যত জড়িত কোম্পানীৰ লোকক হাৰাশাস্তি কৰি আহিছে যদিও শেহতীয়াকৈ মণিপুৰৰ অস্থিৰতাৰ বাবে ই কিছুপৰিমাণে শাম কাটি আছিল । কিন্তু বৰ্তমান পুনৰ সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :সাধাৰণ ৰাইজক নহয়, মোক টাৰ্গেট কৰক : আলফা(স্বা)ক প্ৰত্যাহ্বান ডিজিপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.