ETV Bharat / state

অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী ভাস্কৰ্য শিল্পী - Jay Chandra Das news

নটসূৰ্য ফণী শৰ্মা,বিষ্ণুপ্ৰসাদ ৰাভা,জ্যোতিপ্ৰসাদ আগৰৱালা,সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ উপৰিও শোণিতপুৰৰ কেইবাটাও নামঘৰৰ মূৰ্তিও নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী জয় চন্দ্ৰ দাসে ৷ সম্প্ৰতি তেখেতৰ ঘৰৰ চৌহদতে পৰিত্যক্ত হৈ ৰৈছে আদিবাসী সম্প্ৰদায়ৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি ৷ মূৰ্তি নিৰ্মাণৰ কাম সম্পন্ন হ’ল যদিও চৰকাৰে মূৰ্তি স্থাপনৰ বাবে ভূমি আৱন্টন নিদিয়াত এনেদৰেই ঘৰৰ চৌহদতে জহি খহি গৈছে প্ৰতিমূৰ্তিটো ৷

Sculptor Jay Chandra Das
অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী ভাস্কৰ্য শিল্পী
author img

By

Published : Oct 3, 2020, 2:23 PM IST

তেজপুৰ, 3 অক্টোবৰঃ যিসময়ত অসম চৰকাৰে শিল্পীসকলৰ বাবে এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছে, সেই সময়তেই একাংশ শিল্পীয়ে অৰ্থৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ৷ তাৰে এক জলন্ত উদাহৰণ হ’ল তেজপুৰ কলিবাৰীৰ ভাস্কৰ্য শিল্পী জয় চন্দ্ৰ দাস ৷ 1953 চনত তেজপুৰ কলিবাৰীত জন্ম গ্ৰহণ কৰিছিল শিল্পী জয় চন্দ্ৰ দাসে ৷ তেখেতে প্ৰখ্যাত ভাস্কৰ্য শিল্পী লম্বোদৰ বৰাৰ পৰা এই বিদ্যা গ্ৰহণ কৰি গুৰুৰ সৈতে মিলি একেলগে নিৰ্মাণ কৰিছিল উলিয়াইছিল তেজপুৰ ঐতিহাসিক ত্ৰিবেণী চিনেমা হ’লৰ সন্মুখৰ কাৰুকার্য ৷

নটসূৰ্য ফণী শৰ্মা,বিষ্ণুপ্ৰসাদ ৰাভা,জ্যোতিপ্ৰসাদ আগৰৱালা,সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ উপৰিও শোণিতপুৰৰ কেইবাটাও নামঘৰৰ মূৰ্তিও নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী জয় চন্দ্ৰ দাসে ৷ সম্প্ৰতি তেখেতৰ ঘৰৰ চৌহদতে পৰিত্যক্ত হৈ ৰৈছে আদিবাসী সম্প্ৰদায়ৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি ৷ মূৰ্তি নিৰ্মাণৰ কাম সম্পন্ন হ’ল যদিও চৰকাৰে মূৰ্তি স্থাপনৰ বাবে ভূমি আৱন্টন নিদিয়াত এনেদৰেই ঘৰৰ চৌহদতে জহি খহি গৈছে প্ৰতিমূৰ্তিটো ৷

অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী ভাস্কৰ্য শিল্পী

কিন্তু বৰ্তমানে আৰ্থিক সংকটত ভূগিছে শিল্পীগৰাকী ৷ বিশেষকৈ নিজৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰিবলৈ ব্যৰ্থ হৈছে শিল্পী জয় চন্দ্ৰ দাসে ৷ আনহাতে, 2019 চনতে অসম চৰকাৰে তেখেতলৈ শিল্পী পেঞ্চন প্ৰদান কৰিয়েই নিজৰ দায়িত্ব সামৰিছে ৷ চৰকাৰে ৰাজ্যৰ শিল্পীসকলৰ বাবে সময়ে সময়ে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে যদিও কোনো আঁচনিয়ে ঢুকি পোৱা নাই শিল্পী জয় চন্দ্ৰ দাসক ৷ ইয়াৰ মাজতো নিজ ভাস্কৰ্যক অতি নিষ্ঠাৰে আগবঢ়াই নিছে এইগৰাকী মহান শিল্পীয়ে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে সহায়ৰ হাত আগবঢ়ালে হয়তো উপযুক্ত চিকিৎসা সেৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক-ৰাজনীতি আৰু যতীন বৰা : সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.