তেজপুৰ, ১৩ নৱেম্বৰ : শিক্ষাবিদ, গৱেষক, জনপ্ৰিয় বিজ্ঞান লেখক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱালৈ (Science writer Kshiradhar Baruah) শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে ২০২২ বৰ্ষৰ "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা" আগবঢ়াইছে ৷ শোণিতপুৰ জিলাৰ সংবাদ কৰ্মীসকলৰ পিতামহ স্বৰূপ আৰু সাহিত্যিক পণ্ডিত নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ ১০ ডিচেম্বৰৰ ওপজা দিনৰ লগত সংগতি ৰাখি ২০১০ বৰ্ষৰ পৰাই এই বঁটা প্ৰদান কৰি আহিছে ৷
অন্যবাৰৰ দৰে এইবাৰো নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ ৯৪ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি অহা ১১ ডিচেম্বৰত তেজপুৰ সাহিত্য সভা ভৱনত পুৱা ১১ বজাত অনুষ্ঠিত হ’ব নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান (Narendra Dev Shastri Memorial Award) ৷ অনুষ্ঠানটোত বিশিষ্ট বিজ্ঞান লেখক গৰাকীক সপ্তম বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে শোণিতপুৰ প্ৰেছ ক্লাবে (Sonitpur Press Club) ।
আনহাতে এই বঁটা প্ৰদান অনুষ্ঠানতে এইবাৰ "জনসাধাৰণৰ বিজ্ঞান মনস্কতা" শীৰ্ষক বিষয়তো এই বঁটা প্ৰদান কৰিব আন এগৰাকী বিশিষ্ট বিজ্ঞান লেখক, শিক্ষাবিদ ড৹ ৰমেশ চন্দ্ৰ গোস্বামীক । অনুষ্ঠানটিত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব তেজপুৰৰ তিনিগৰাকীকৈ প্ৰবীণ অধিবক্তা তথা সমাজকৰ্মী ইস্কে আলম, ক্ষেমৰাজ অধিকাৰী আৰু অমিয় শইকীয়াক ।
উল্লেখ্য যে, ১৯৪৭ চনৰ ১ চেপ্টেম্বৰত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰিছিল ৷ ১৯৬৩ চনত জামুগুৰি হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা ১৯৬৭ চনত ৰসায়ন বিজ্ঞান বিষয়ত সন্মানসহ বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয় ৷ পিছত ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে বৰুৱাই । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৮ চনত তেখেতে এম. ফিল ডিগ্ৰী লাভ কৰি ১৯৭০ চনৰ পৰা ২০০৬ চনৰ ৩১ আগষ্টলৈকে বিশ্বনাথ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল ।
১৯৮৭-৮৮ চনত বোকাজান চিমেণ্ট কাৰখানাত 'বোকাজান চিমেণ্ট কাৰখানাৰ পৰিৱেশ প্ৰভাৱ বিশ্লেষণ আৰু মূল্যায়ন' (Environmental Impact Analysis and Assessment of Bokajan Cement Factory) বিষয়ত গৱেষণা কৰিছিল । বিজ্ঞান জনপ্ৰিয়কৰণৰ বহুতো গ্ৰন্থ ৰচনা কৰা বৰুৱাই উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় পৰ্যায়ৰ বাবে কেইবাখনো পাঠ্যপুথিও ৰচনা কৰিছে । ১৯৬০ চনৰ পৰাই অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনীত ১০০০ৰো অধিক প্ৰবন্ধ প্ৰকাশ কৰে ৷
বিজ্ঞানক জনপ্ৰিয়কৰণত অৰিহণা যোগাই অহা বৰুৱা ২০০২ চনত অসম সাহিত্য সভাই প্ৰকাশ কৰা 'অসমীয়া বিশ্বকোষ"ৰ বিজ্ঞান বিভাগৰ সহযোগী সম্পাদকো আছিল । গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা 'ৰসায়ন শিক্ষা' নামৰ জনপ্ৰিয় আলোচনীৰ তেখেত আছিল সহযোগী সম্পাদক । ইয়াৰ উপৰিও 'অসম বিজ্ঞান লিখক সমাজ'এ প্ৰকাশ কৰা ১০খন গ্ৰন্থৰ সহযোগী সম্পাদক আছিল তেখেত । বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে তেখেতে অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত আলোচনা চক্ৰ আদিত প্ৰায়ে অংশগ্ৰহণ কৰা বৰুৱাক বিজ্ঞান জনপ্ৰিয় কৰাৰ বাবে ব্যৱহাৰৰ ক্ষেত্ৰত অসমৰ বাটকটীয়া বুলিও জনাজাত ।
লগতে পঢ়ক: Book Inaugurated at GPC: গুৱাহাটী প্ৰেছ ক্লাবত ড৹ দেৱজিত খনিকৰৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন