ETV Bharat / state

ৰঙাপৰাত চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হ'ল পুৰণি শিক্ষানুষ্ঠান - পুৰণি শিক্ষানুষ্ঠান

বিদ্যালয়ত ওলমি আছে প্ৰকাণ্ড তলা

চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হ'ল পুৰণি শিক্ষানুষ্ঠান
author img

By

Published : Mar 13, 2019, 12:50 PM IST

তেজপুৰ , 13 মাৰ্চ : পৰিৱৰ্তনকামী বিজেপি নেতৃত্বতাধীন ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ চৰম হেমাহিৰ বাবেইৰাজ্যত বন্ধ হৈ পৰিল এখন শিক্ষানুষ্ঠান ।

শোণিতপুৰৰ ৰঙাপৰাৰ অতি পিছপৰা ভেলুৱাটাৰ গাঁৱত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে ১৯৯৩ চনত ৰেতনি খেৰিয়া প্ৰাথমিক বিদ্যালয় নামৰ এখন প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল ।

চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হ'ল পুৰণি শিক্ষানুষ্ঠান
ৰেতনি খেৰিয়া প্ৰাথমিক বিদ্যালয়খনত প্ৰথমাৱস্থাত অঞ্চলটোৰ বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰি আহিছিল । কিন্তু বিদ্যালয়খন এদিন চৰকাৰীকৰণ হোৱাৰ আশাতপ্ৰধান শিক্ষক তনুৰাম তিৰ্কী আৰু সহকাৰী শিক্ষক আব্দুল ৰেজকে বিনা বেতনে 'ক' শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষা প্ৰদান কৰিছিল । কিন্তু শিক্ষা বিভাগে বিদ্যালয়খন প্ৰাদেশীকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা শিক্ষানুষ্ঠান খনত পাঠদান সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে বুলি জনাই স্থানীয় ৰাইজে । ২৫ বছৰ অতিক্ৰম কৰা বিদ্যালয়খন হঠাতে বন্ধ হৈ পৰাৰ পাচতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া বিপাঙত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ সেয়ে অতি পুৰণি বিদ্যালয়খনৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰে পুনৰ পাঠদানেৰে অঞ্চলটোৰ শৈক্ষিক পৰিবেশ ঘূৰাই আনিবলৈ ৰাইজে অনুৰোধ জনাইছে ৷

Slug : A_Tezpur_13March_801_803_Vis+Byte_School_Pranab kumar Das

ৰঙাপৰাত চৰকাৰৰ চৰম হেমাহিৰ বাবে বন্ধ হল এখন অতি পুৰণি শিক্ষানুষ্ঠান। বিদ্যালয়ত ওলমি আছে প্ৰকাণ্ড তলা।

তেজপুৰ :- পৰিবৰ্তনগামী বিজেপি নেতৃত্বতাধীন ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ চৰম হেমাহিৰ বাবেই  ৰাজ্যত এখন শিক্ষানুষ্ঠান বন্ধ হৈ পৰিল। শোণিতপুৰৰ ৰঙাপৰাৰ অতি পিছপৰা ভেলুৱাটাৰ গাঁৱত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে ১৯৯৩ চনত ৰেতনি খেৰিয়া প্ৰাথমিক বিদ্যালয় নামৰ এখন প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল। ৰেতনি খেৰিয়া প্ৰাথমিক বিদ্যালয়খনত প্ৰথমাৱস্থাত অঞ্চলটোৰ বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰি আহিছিল। কিন্তু বিদ্যালয়খন এদিন চৰকাৰীকৰণ হোৱাৰ আশাত  প্ৰধান শিক্ষক তনুৰাম তিৰ্কী আৰু সহকাৰী শিক্ষক আব্দুল ৰেজকে বিনা বেতনে 'ক' শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষা প্ৰদান কৰি আহিছিল। শিক্ষা বিভাগে বিদ্যালয়খন প্ৰাদেশীকৰনৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা শিক্ষানুষ্ঠানখনত পাঠদান সম্পূৰ্ণ ভাৱে বন্ধ হৈ পৰে। ২৫ বছৰ অতিক্ৰম কৰা বিদ্যালয়খন হঠাতে বন্ধ হৈ পৰাৰ পাছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত বিপাঙত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ অতি পুৰণি বিদ্যালয়খনৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহন কৰি চৰকাৰে পুণৰ পাঠদানে অঞ্চলটোৰ শৈক্ষিক পৰিবেশ ঘুৰাই আনিবলৈ ৰাইজে কাতৰ অনুৰোধ জনাইছে ৷

Byte: locals.

Pranab kumar Das, Tezpur
13/3/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.