ETV Bharat / state

জনস্বাস্থ্য কাৰিকৰী বিভাগত 3 কোটিৰ কেলেংকাৰী - ৰিহণ দৈমাৰী দুৰ্নীতি

আৰ টি আই কৰ্মী দুলাল নাথে ফাদিল কৰিলে জনস্বাস্থ্য কৰিকৰী বিভাগত সংঘটিত হোৱা বৃহৎ দুৰ্নীতি ৷ মন্ত্ৰী ৰিহণ দৈমাৰীৰ নাম সাঙোৰ খোৱা এই দুৰ্নীতিৰ অনুসন্ধানৰ বাবে চি বি আই তদন্ত দাবী কৰিলে আৰ টি আই কৰ্মী গৰাকীয়ে ৷

scam at Public Health Engineering ministry in assam
মন্ত্ৰী ৰিহণ দৈমাৰীৰ বিভাগত ভয়ংকৰ দুৰ্নীতি
author img

By

Published : Jan 10, 2020, 11:50 PM IST

তেজপুৰ , 10 জানুৱাৰীঃ অসমৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ ৷ বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীৰ বিভাগৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে ৷ ৰাইজৰ মাজত সামাজিক সজাগতা সৃষ্টিৰ বাবে দেৱাল অংকনৰ নামত ১ কোটি ৩৬ লাখ টকা আৰু কমিক নিৰ্মাণৰ বাবে ধাৰ্য কৰা 1 কোটি 95 লাখ টকাৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে আৰ টি আই কৰ্মী গৰাকীয়ে ৷ উক্ত অভিযোগৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক চিবিআই তদন্ত ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰে দিলীপ নাথে ৷

মন্ত্ৰী ৰিহণ দৈমাৰীৰ বিভাগত ভয়ংকৰ দুৰ্নীতি

আৰ টি আই কৰ্মী গৰাকীৰ অভিযোগ, অসমৰ মুঠ ৩৩ জিলাত এই অনাময় আঁচনিৰ জৰিয়তে গাঁওৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে চৰকাৰে গাঁৱৰ দেৱাল সমূহত বিজ্ঞাপন অংকনৰ এক নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু মুঠ ৩৩ খন জিলাৰ তথ্য অনুসৰি কোনো স্থানতে এই দেৱাল অংকনৰ পদক্ষেপ কাৰ্যকৰী নকৰিলে এই প্ৰকল্পৰ দায়িত্ব গ্ৰহণ কৰা "এক্লাছিৱ এডভাৰ্টাইজিঙ এজেন্সি" নামৰ প্ৰতিষ্ঠানটোৱে ৷ লগতে কমিক ব্যৱহাৰৰ বাবে ধাৰ্য কৰা 1 কোটি 95 লাখ টকা মন্ত্ৰী ৰিহণ দৈমাৰীয়ে আত্মসাৎ কৰিলে বুলি অভিযোগ উত্থাপন কৰে আৰ টি আই কৰ্মী গৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰে দিলীপ নাথে ৷

লগতে পঢ়কঃদিলীপ হীৰাক আৰু কি কি ক'লে শংকৰ মহাদেৱনে !!

Intro:তেজপুৰ,১০ জানুৱাৰী:অসমৰ জন স্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ।বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীৰ বিভাগত এই দুৰ্নীতি ৰ অভিযোগ উত্থাপিত কৰিছে বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথৰ ।
বিভাগটোৰ ৰাইজক সজাগতা সৃষ্টিৰ বাবে কৰিবলৈ দিয়া ৱাল পাইণ্টিং ৰ নামত ১ কোটি ৩৬ লাখ টকাৰ আৰু কমিক নিৰ্মাণৰ বাবে ধাৰ্য কৰা ১ কোটি ৯৫ লাখ টকাৰ কেলেংকাৰীৰ চি বি আই ইনকুৰী দাবী মুখ্যমন্ত্ৰীক ।

Body:আৰ টি আই কৰ্মী দিলীপ নাথৰ অভিযোগ যে অসমৰ মুঠ ৩৩ জিলাত এই অনাময় আঁচনিৰ জৰিয়তে গাঁওৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে চৰকাৰে গাঁওৰ ৱাল সমূহত এক পাইণ্টিং ৰ নিৰ্দেশ জাৰি কৰিছিল যে "মুক্ত অঞ্চলত মল ত্যাগ নকৰিব", ।

Bite: দিলীপ নাথ, আৰ টি আই, কৰ্মী ।

নাথে অভিযোগ কৰে যে মুঠ ৩৩ খন জিলাৰ তথ্য অনুসৰি কোনো স্থানত এই পাইণ্টিং কৰা নাই অৱন্ত লোৱা এক্লাছিৱ এডভেৰ্তিজিঙ এজেন্সি নামৰ প্ৰতিষ্ঠান টোৱে । লগতে এই পাইণ্টিং সমূহৰ লগত কমিক ব্যৱহাৰৰ বাবে ধার্য কৰা ১ কোটি ৯৫ লাখ টকাৰ ও আত্মসাত , মন্ত্ৰী ৰিহণ দৈমাৰীৰ ।

Conclusion:নাথে সমগ্ৰ ঘ্টনাৰ এক সুকীয়া তদন্ত ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰী ৰ হস্তক্ষেপ বিচাৰিছে । তেওঁ লগতে জনায় যে সমগ্ৰ ঘটনাৰ এক চি বি আই তদন্তৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব লাগে বুলি দাবী কৰে তেজপুৰ ত সাংসদ মাধ্যমৰ আগত ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
১০/১/২০২০
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.