ETV Bharat / state

'CAA 2019' কলৈ উচ্চতম ন্যায়ালয়ৰ শুনানিক সংবাদ মাধ্যমে বিতংকৈ প্ৰচাৰ নকৰাৰ অভিযোগ অসম সন্মিলিত মহাসংঘৰ - 'CAA 2019' কলৈ উচ্চতম ন্যায়ালয়ৰ শুনানি

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত 22 জানুৱাৰীত উচ্চতম ন্যায়লয়ৰ শুনানিত উত্থাপন হোৱা বিষয়সমূহ খিলঞ্জীয়া জনসাধাৰণৰ জনাৰ অধিকাৰ আছে ৷ কিন্তু সংবাদ মাধ্যমে এই সন্দৰ্ভত বিতংকৈ প্ৰচাৰ নকৰিলে : মতিউৰ ৰহমান

SC Vardict on CAA details not flash out : Motiur Rahman
'CAA 2019' কলৈ উচ্চতম ন্যায়ালয়ৰ শুনানিক সংবাদ মাধ্যমে বিতংকৈ প্ৰচাৰ নকৰাৰ অভিযোগ অসম সন্মিলিত মহাসংঘৰ
author img

By

Published : Jan 27, 2020, 11:43 PM IST

তেজপুৰ,২৭ জানুৱাৰী: উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ৰ সম্পৰ্কে যোৱা ২২ জানুৱাৰীৰ শুনানিত মূলতঃ কি কি বিষয় উত্থাপন হৈছিল সেই কথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ জনাৰ অধিকাৰ আছে । কিন্তু প্ৰচাৰ মাধ্যমে এই সন্দৰ্ভত বিতংভাৱে প্ৰচাৰ নকৰাৰ বাবে আজি সোমবাৰে তেজপুৰত 'তৰুণ অসম সংঘ'ত আয়োজিত এক সংবাদ মেলত এই অভিযোগ অসম সন্মিলিত মহাসংঘৰ গোচৰীয়া কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান, ডঃ বিশ্বৰঞ্জন কলিতা,প্ৰণৱ কুমাৰ মজুমদাৰ আৰু দীপক কুমাৰ নাথৰ ।

'CAA 2019' কলৈ উচ্চতম ন্যায়ালয়ৰ শুনানিক সংবাদ মাধ্যমে বিতংকৈ প্ৰচাৰ নকৰাৰ অভিযোগ অসম সন্মিলিত মহাসংঘৰ

শুনানীত জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে অবৈধ বিদেশীয়ে জুৰুলা কৰা অসমৰ পৰিস্থিতিৰ কথা দাঙি ধৰি কৈছিল যে, সমগ্ৰ দেশত বিদেশী চিনাক্তকৰণৰ বাবে বাহাল থকা ভিত্তি বছৰ ১৯৪৮ ৰ পৰিৱৰ্তে অসমত ১৯৭১ প্ৰয়োগ কৰাৰ বিৰুদ্ধে অসম সন্মিলিত মহা সংঘই ২০১২ চনত তৰা ৫৬২/২০১২ নং গোচৰটো ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত ২০১৪ চনৰ ১৭ ডিচেম্বৰৰ পৰা ৫ বছৰ ধৰি চূড়ান্ত বিচাৰৰ বাবে পৰি আছে । অসমত বিদেশী চিনাক্তকৰণ ভিত্তি বছৰ ১৯৪৮ ৰ পৰা ১৯৫০ লৈ বৃদ্ধি কৰা হৈছিল আৰু বৰ্তমান ১৯৭১ কৰা হৈছে । ইয়াৰ সৈতে বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ৰ সম্পৰ্ক আছে । সেয়ে বিষয়টো শীঘ্ৰে সাংবিধানিক বিচাৰপিঠে চূড়ান্ত কৰা উচিত । লগতে এই আইন প্ৰয়োগ নকৰিবলৈ স্থগিতাদেশ দিয়া উচিত"বুলি আডালতাক জনাইছিল বুলি মহাসংঘৰ গোচৰীয়া মটিউৰ ৰহমানে জনায় ।

প্ৰায় ২ ঘণ্টা ধৰি শুনানী গ্ৰহণ কৰাৰ পিছত ২২ জানুৱাৰীত দিয়া নিৰ্দেশটো আছিল -"..ভাৰতৰ এটৰণী জেনেৰেল কে কে বেনুগোপালে ভাৰত চৰকাৰৰ হৈ সময় বিচৰাত আদালতে 8 সপ্তাহৰ ভিতৰত শপত নামা দাখিল কৰিবলৈ আৰু পঞ্চম সপ্তাহত গোচৰৰ শুনানিৰ বাবে পুনৰ নতুন দিন ধাৰ্য কৰিবৰ বাবে নিদেৰ্শ দিছিল ৷ লগতে এই সময়ছোৱাত ৰাজ্যসমূহৰ উচ্চ ন্যায়লয়সমূহত এই বিষয়ত কোনো গোচৰ নচলাবৰ বাবে নিৰ্দেশ দিছিল ৷ উচ্চতৰ ন্যায়লয়ৰ পঞ্জীয়নত দুটা পৃথক শ্ৰেণীত বিভক্ত কৰি এটাত ত্ৰিপুৰা আৰু অসমৰ আৰু আনটোত ভাৰতৰ আন ৰাজ্যসমূহৰ গোচৰসমূহ পঞ্জীয়ন কৰি পৃথকে পৃথকে শুনানি দিবলৈ নিদেৰ্শ দিছিল ৷ "

লগতে পঢ়ক:তৃতীয় বড়ো শান্তি চুক্তি: কি পালে বড়োসকলে !

Intro:তেজপুৰ২৭ জানুৱাৰী: উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী অইন, ২০১৯ ৰ সম্পৰ্কে যোৱা২২ জানুৱাৰীৰ শুনানিত মূলতঃ কি কি বিষয় উত্থাপন হৈছিল সেই কথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ জনাৰ অধিকাৰ আছে । কিন্তু প্ৰচাৰ মাধ্যমত নিজাকৈ সে কথা বিতংভিভাৱে প্ৰচাৰ নকৰাৰ বাবে আজি সোমবাৰে তেজপুৰত "তৰুণ অসম সংঘ" 'ত আয়োজিত এক সংবাদ মেলত এই অভিযোগ অসম সন্মিলিত মহাসংঘৰ গোচৰীয়া কাৰ্যকৰী সভাপতি মটিউৰ ৰহমান, ডঃ বিশ্বৰঞ্জন কলিতা,প্ৰণৱ কুমাৰ মজুমদাৰ আৰু দীপক কুমাৰ নাথৰ ।

Body:শুনানী ত জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে অবৈধ বিদেশীয়ে জুৰুলা কৰা অসমৰ পৰিস্থিতিৰ কথা ডাঙি ধৰিব কৈছিল যে , সমগ্ৰ দেশত বিদেশী চিনাক্তকৰণ ৰ বাবে বাহাল থকা ভিত্তি বছৰ ১৯৪৮ ৰ পৰিবৰ্তে অসমত ১৯৭১ প্ৰয়োগ কৰাৰ বিৰুদ্ধে অসম সন্মিলিত মহা সংঘই ২০১২ চনত তৰা ৫৬২/২০১২ নং গোচৰটো ৫ জনীয়া সাংবিধানিক বিশ্ৰাপীঠত ২০১৪ চনৰ ১৭ ডিচেম্বৰৰ পৰা ৫ বছৰ ধৰি চুড়ান্ত বিচাৰৰ বাবে পৰি আছে ।অসমত বিদেশী চিনাক্তকৰণ ভিত্তি বছৰ ১৯৪৮ ৰ পৰা ১৯৫০ লৈ বৃদ্ধি কৰা হৈছিল আৰু বৰ্তমান ১৯৭১ কৰা হৈছে ।

BITE: মটিউৰ ৰহমান , কাৰ্যকৰী সভাপতি সন্মিলিত মহাসংঘ ।

ইয়াৰ সৈতে বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ৰ সম্পৰ্ক আছে । সেয়ে বিষয়টো শীঘ্ৰে সাংবিধানিক বিচাৰপিঠে চূড়ান্ত কৰা উচিত । লগতে এই আইন প্রয়োগ নকৰিবলৈ স্থগিতাদেশ দিয়া উচিত"বুলি আডালতাক জনাইছিল বুলি মাহাসংঘৰ গোচৰীয়া মটিউৰ ৰহমানে জনায় ।

Conclusion:প্ৰায়২ ঘণ্টা ধৰি শুনানী গ্ৰহণ কৰাৰ পিছত ২২ জানুৱাৰীত দিয়া নিৰ্দেশটো আছিল -"..ভাৰতৰ এটৰণী জেনেৰেল কে কে বেনুগোপালে ভাৰত চৰকাৰৰ হৈ সময় বিচৰাত আদালতে 8 সপ্তাহৰ ভিতৰত শপত নামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

প্ৰণৱ। কুমাৰ দাস।
তেজপুৰ।
২৭/১/২০২০/
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.