ETV Bharat / state

প্ৰদূষণ নিৰীক্ষণ বিভাগক প্ৰশ্ন RTI কৰ্মীৰ কিন্তু কিয় ? - 1988 চনত প্ৰযোজ্য হৈছিল মটৰ পৰিবহণ আইন

1988 ত প্ৰযোজ্য হোৱা যান-বাহন আইন প্ৰণয়ন কৰিবলৈ 2019 চনলৈ ৰখিব লগা হৈছিল কিয় ? যোৱা 10-20 বছৰে ? কি কৰিছিল প্ৰদূষণ নিৰীক্ষণ বিভাগে ? এই প্ৰশ্ন বিশিষ্ট আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতি অসমৰ সদস্য দিলীপ নাথৰ ৷

RTI activist questions about new pollution act
author img

By

Published : Oct 3, 2019, 1:32 PM IST

তেজপুৰ, 3 অক্টোবৰ: পূজাৰ প্ৰাকক্ষণত শ্বপিং মলত নহয় বৰ্তমান অসমৰ প্ৰতিটো পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ প্ৰদূষণ কক্ষত লাগিছে লানি নিছিগা ভিৰ । কাৰণ ৰাজ্যত ৰাজ্য চৰকাৰে নতুন যান বাহন আইন সোমবাৰে গৃহীত কৰাৰ পাচতেই নিদ্ৰা হৰিছে সৰ্ব সাধাৰণৰ ৷ কাৰণ অত্যাধিক জৰিমনাৰ পৰা হাত-সাৰিবলৈ এতিয়া পৰিবহণ বিভাগৰ কাৰ্যালয়ত প্ৰদূষণৰ চাৰ্টিফিকেট সংগ্ৰহ কৰাৰ বাবে দীঘলীয়া শাৰী পাতিছে বিভিন্ন লোকে ৷

পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ প্ৰদূষণ কক্ষ
পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ প্ৰদূষণ কক্ষ

কিন্তু এই নতুন আইন কাৰ্যকৰী কৰাক লৈ এতিয়া প্ৰশ্ন তুলিছে বিশিষ্ট আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতি অসমৰ সদস্য দিলীপ নাথে ৷ 1988 চনত প্ৰযোজ্য হৈছিল মটৰ পৰিবহণ আইন ৷ কিন্তু ইমান দিনে আইন অমান্য কৰিলে নেকি বিভাগীয় কৰ্তৃপক্ষৰ পৰিবহণ বিষয়া, ৰাজ্যিক প্ৰদূষণ আয়ুক্তই । কাৰণ 1988 চনৰ পৰাই বৃদ্ধি পাইছে যান বাহনৰ প্ৰদূষণ ৷ যাৰ ফলত অত্যাধিক পৰিবেশ বিনষ্ট হৈছে বুলি দাবী কৰি ইয়াৰ বাবে দায়ী কোন বুলি প্ৰশ্ন উত্থাপন কৰে নাথে ৷

প্ৰদূষণ নিৰীক্ষণ বিভাগক প্ৰশ্ন RTI কৰ্মী দিলীপ নাথৰ

ইমান দিনে কিয় এই আইন মতে পৰিবহণ বিভাগে জৰিমনা বিহাৰ ব্যৱস্থা নকৰিলে আৰু বৰ্তমানে জধে-মধে জৰিমনা বিহিলে প্ৰদূষণ নিয়ন্ত্ৰণ হ’ব নেকি বুলি উল্লেখ কৰে আৰ টি আই কৰ্মীজনে ৷ নাথে লগতে কয়, এই সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে ৷ এই ঘটনা সন্দৰ্ভত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ তৰাৰ লগতে প্ৰদূষণ আৰু পৰিবহণ আয়ুক্তৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিব বুলি জানিব দিয়ে আৰ টি আই কৰ্মী দিলীপ নাথে ৷

Intro:তেজপুৰ,৩ অক্টোবৰ: 1988 ত প্ৰযোজ্য হোৱা যান বাহনৰ আইন প্ৰণয়ন কৰিব ৰ 2019 চনলৈ ৰখিব লগা হৈছিল কিয় ।কি কৰিছিল প্ৰদূষণ নিৰীক্ষণ বিভাগে যোৱা 10-20 বছৰে ? এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে বিশিষ্ট আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতি অসমৰ সদস্য দিলীপ নাথে ।

Body:বৰ্তমান অসমৰ প্ৰতিটো পৰিবহন বিভাগৰ কাৰ্য্যালয়ৰ পৰা প্ৰদূষণ ৰ কক্ষত মাথোঁ লানি নিছিগা ভিৰ । পূজাৰ বজাৰত যিমান ভিৰ তাতোকৈ বেছি ভিৰ পৰিবহন বিভাগৰ কাৰ্য্যালয়ত কাৰণ 500 টকা জৰিমনা দি তাৰ পিছত প্ৰদূষণৰ চাৰ্টিফিকেট লব লাগিব ।
Bite:Public

দিলীপ নাথে দাবী কৰে যে 1988 চনত প্ৰযোজ্য হোৱা মটৰ পৰিবহন আইন প্ৰণয়ন হৈছিল কিন্তু এই আইন অমান্য কৰিলে নেকি বিভাগীয় কৰ্তৃপক্ষই পৰিবহন বিষয়া ,ৰাজ্যিক প্ৰদূষণ কমিছনাৰে । কাৰণ 1988 চনৰ পৰা যান বাহনৰ প্ৰদূষণ যি বৃদ্ধি পাইছে আৰু তাৰ ফলত পৰিবেশ বিনষ্ট কৰিলে ইয়াৰ বাবে দায়ী কোন ? কিয় পৰিবহন বিভাগে জৰিমনা নকৰিলে আৰু এতিয়া কোনো নিয়ম নোহোৱাকৈ যধে মধে জৰিমনা কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ হব নেকি বুলি প্ৰশ্ন কৰে ।

Bite: দিলীপ নাথ ,

Conclusion:নাথে পুনৰ কয় যে এই সমগ্ৰ বিষয় টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে ,অকল এইয়াই নহয় ঘটনা ওপৰত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ তৰিব আৰু প্ৰদূষণ আৰু পৰিবহন আয়ুক্ত ৰ বিৰূদ্ধে ও গোচৰ ৰুজু কৰিব বুলি জানিব দিয়ে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
৩/৯/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.