ৰঙাপৰা,৬মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিত ইতিমধ্যে ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত বিজেপি দলে প্ৰাক্তন আটছাৰ নেতা কৃষ্ণ কমল তাঁতীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইফালে অসম প্ৰথম, সদায় আৰু চিৰদিন লক্ষ্যৰে গঠিত হোৱা নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদে আটছাৰ প্ৰাক্তন নেতা অজয় তাঁতীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
সমষ্টিটোৰ বাবে দুজন প্ৰাক্তন আটছা নেতাই টিকট লাভ কৰাৰ লগে লগে এতিয়া ৰঙাপৰাত তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে । দুয়োজন প্ৰাক্তন ছাত্র নেতাৰ মাজত যে এখন আকৰ্ষণীয় নিৰ্বাচনী যুদ্ধ হ'ব সেয়াও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । কাৰণ ৰঙাপৰা সমষ্টিত চাহ জনগোষ্ঠীয় ভোটাৰ ৰাইজে এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে ।
লগতে পঢ়ক:সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত সমৰ্থক