তেজপুৰ,১০ জুলাই : শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াসহ ৪ জনক গ্ৰেপ্তাৰ । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযানত গ্ৰেপ্তাৰ হৈছে শোণিতপুৰৰ খাদ্য অসামৰিক যোগান বিভাগৰ উপ-সঞ্চালক মন্টু কুমাৰ দাস । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে উপ সঞ্চালকসহ জ্যেষ্ঠ প্রশাসনিক সহায়ক কুলেন শইকীয়া, ভাৰতীয় খাদ্য় নিগমৰ অৱসৰপ্ৰাপ্ত অধীক্ষক মুজিবুদ্দিন আহমেদ আৰু যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ভাৰত চন্দ্ৰ বৰদলৈক । মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত ৰুজু হোৱা গোচৰ নম্বৰ 03/223 u/s120B/420/406/409 IPC R/W section 13(1)a/13(2)PC act 1998 ৰ অধীনত আটাইকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ।
কাইলৈ অৰ্থাৎ মঙলবাৰে গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে । শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত চৰকাৰী চাউলৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আজি তেওঁলোকক গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে । উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে ঢেকীয়াজুলিত এজন ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাত গুদামত অভিযান চলিছিল যদিও তেওঁৰ গুদামত চাউল নোপোৱা বাবেই গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰে ৷
আনহাতে, একংশ লোকে অভিযোগ উত্থাপন কৰি কয় যে,এজন চৌধুৰী উপাধিৰ ঠিকাদাৰৰ লগতে যোগান বিভাগৰ একাংশ পৰিদৰ্শকো জড়িত আছে । এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি গুৱাহাটীত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য যে,শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী মাৰ্কেটিং কোপাৰেটিভ ছ'চাইটিৰ পৰা 2300 কুইন্টল চাউল হৰলুকি হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই চলিছিল এই অভিযান ৷
দুখীয়াৰ বাবে আৱণ্টিত জুন-জুলাইৰ চাউল এই ঢেকিয়াজুলী মাৰ্কেটিং কোপাৰেটিভ ছ'চাইটিৰ সম্পাদক হেমন্ত তালুকদাৰসহ ৯ জনকৈ লোকে চোৰাংভাৱে বিক্ৰী কৰাৰ অভিযোগ উঠিছিল ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলটোৱে সুৰজিৎ সেনাপতি, অনিৰুদ্ধ পালিত, ভাস্কৰজ্যোতি কৰ, থুবিৰ তাঁতী, সুব্ৰত বনিক, মৃদুল তৰণ আৰু অশোক ঘোষক গ্ৰেপ্তাৰ কৰিছে ৷