ETV Bharat / state

বিগত 31 বছৰৰ অভিলেখ ভংগ কৰিলে ছেবাই - HSLC 2021 news

ভয়াবহ বিভীষিকাৰ মাজত ছেবাই আভ্যন্তৰীণ মুল্যাংকনেৰে শুকুৰবাৰে ঘোষণা কৰা হয় মেট্ৰিকৰ ফলাফল ।1990 চনৰ পিছত প্ৰায় 31 ভিতৰত এইবাৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰে অভিলেখ গঢ়ে ৷

record-breaking-93-dot-10-per-cent-pass-in-high-school-education-exam-results-for-the-last-31-years
বিগত 31 বছৰৰ অভিলেখ ভংগ কৰিলে অসম মাধ্যমিক শিক্ষা সংসদে
author img

By

Published : Jul 30, 2021, 6:48 PM IST

তেজপুৰ, 30 জুলাই : অৱশেষত ঘোষিত হ’ল বহু প্ৰতিক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ভয়াৱহ ক'ৰণা মহামাৰীৰ ফলত অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰিলে ছাত্ৰ জীৱনৰ প্ৰথমখন দেওনা হাইস্কুল শিক্ষান্ত পৰীক্ষা । পৰীক্ষাৰ মূল্যাংকনৰ পদ্ধতি(marking system) সলনি হোৱাত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা সংক্ৰান্তীয় বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ বিভিন্ন দল সংগঠন আৰু শিক্ষাবিদৰ সৈতে চৰকাৰ তথা ছেবা(SEBA) কৰ্তৃপক্ষই আলোচনা কৰি নিৰ্ণয় কৰা পদ্ধতি মতে অৱশেষত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হয় ৷

মুঠ 93.10 শতাংশ উত্তীৰ্ণৰ হাৰৰ সৈতে অভিলেখ গঢ়িলে অসম মাধ্যমিক শিক্ষা সংসদে (SEBA)। 1990 চনৰ পৰা 31 বছৰৰ ভিতৰতে এইবাৰ ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ ৰ হাৰ অভিলেখ গঢ়ে ৷ অসমৰ মুঠ 4,26,553 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 3,97132 গৰাকী উত্তীৰ্ণ হয় এই বছৰ । উত্তীৰ্ণৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাটো আশা ব্যঞ্জক যদিও একাংশ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সন্তুষ্ট নহয় এই মুল্যাংকন পদ্ধতিক লৈ ।

বিগত 31 বছৰৰ অভিলেখ ভংগ কৰিলে অসম মাধ্যমিক শিক্ষা সংসদে

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) ফলাফলত মুঠ 99.40 শতাংশ উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থানত আছে বিশ্বনাথ জিলা ।

শোণিতপুৰ জিলাত উত্তীৰ্ণৰ হাৰ 92.06 শতাংশ ৷ শোণিতপুৰ জিলাৰ মুঠ 29 টা পৰীক্ষা কেন্দ্ৰত মুঠ 13754 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে 12662 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় ৷ জিলাখনত 2459 গৰাকী প্ৰথম বিভাগ,4874 গৰাকী দ্বিতীয় আৰু5329 গৰাকী তৃতীয় বিভাগ লাভ কৰিছে ।

উল্লেখযোগ্য যে, বিগতবর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ পৰীক্ষাত বহিব সক্ষম নহ’ল ৷ এনে ক্ষেত্ৰত শিক্ষা বিভাগে এইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব ।

লগতে পঢ়ক:মেট্ৰিকৰ ফলাফল : 99.40 শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বিশ্বনাথ জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.