ৰঙাপৰা,30 আগষ্টঃ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা বুলি সততে দাবী কৰি অহাৰ সময়তে দিছপুৰৰ বৰঘৰৰ ঘনিষ্ঠ এজন ঠিকাদাৰৰ কোটিটকীয়া পথ নিৰ্মাণৰ নমুনা দেখিলে গম পাব প্ৰকৃত ৰহস্য ৷ শোণিতপুৰৰ মিছামাৰীত গড়কাপ্টানী বিভাগৰ এটা পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে এই ব্যাপক অনিয়মৰ অভিযোগ ৷ নিৰ্মাণৰ পিচতেই পথটোৰ চকলা-চকলে এৰাই যাৱলৈ ধৰিছে ৷
উল্লেখ্য যে, মিছামাৰীৰ ধানখনা নেপালি বস্তি হৈ গৰুবন্ধা সংযোগী গড়কাপ্টানী পথটি মেৰামতিৰ বাবে গড়কাপ্টানী বিভাগৰ SOPD শিতানৰ অধীনত কেইবা কোটি টকা আৱন্টন হৈছিল ৷ পথটোৰ মেৰামতিৰ ঠিকা লাভ কৰা জনৈক আগৰৱালা নামৰ দিছপুৰৰ আশীৰ্বাদপুষ্ট এজন প্ৰভাৱশালী ঠিকাদাৰে ইয়াৰ নিৰ্মাণকাৰ্য অতি নিম্নমানৰ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ৷ পথছোৱা নিৰ্মাণৰ পিছতেই চকলা-চকলে উঠি যোৱাৰ উপক্ৰম হৈছে ৷ হাতেৰে উঠালেই উঠি যায় পথটোৰ ব্লেক টেপিঙ ৷ স্থানীয় ৰাইজে পথটোৰ নিৰ্মাণত বিসংগতি হোৱা বুলি অভিযোগ কৰাৰ পিচতো ঠিকাদাৰে কেৰেপ নকৰি অতি নিম্নমানৰ পথ নিৰ্মাণ কৰা বুলি ৰাইজৰ অভিযোগ উত্থাপন কৰিছে ৷ গড়কাপ্টানী বিভাগৰ বিষয়া-অভিযন্তাই কমিচনৰ অংকৰ বাবে কোটি টকাৰ উক্ত পথটো নিৰ্মাণত সংঘটিত কৰিছে অনিয়ম ৷ পথটোৰ নিৰ্মাণৰ এই নমুনা দেখিলেই ক’ব পাৰি পৰিবৰ্তন সচাঁই হৈছে ৷ দিছপুৰৰ আশীৰ্বাদপুষ্ট জনৈক আগৰৱালা নামৰ ঠিকাদাৰজনে বিনাদ্বিধাই নিজৰ মইমতালিৰে পথ নিৰ্মাণত সংঘটিত কৰিছে অনিয়ম ৷ দুৰ্নীতিৰ বিৰুদ্ধে সততে কথা কোৱা চৰকাৰখনে ঠিকাদাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যনীয় হ’ব ৷
লগতে পঢ়কঃ সৰ্প দংশনৰ বলি হোৱা মহিলাৰ বিনা চিকিৎসাই মৃত্যু হোৱাৰ অভিযোগ