ETV Bharat / state

ৰঙাপৰাত ১১ বছৰ ধৰি বিকল পানী যোগান আঁচনি - শোণিতপুৰ

শোণিতপুৰত ১১ বছৰ ধৰিপানী যোগান আঁচনি বিকল হৈ পৰি থকাৰ বাবে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱ অঞ্চলবাসীৰ মাজত ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১নং সংমণ্ডলৰ অধীনত চেঁচা চাহ বাগিচাৰ চাওৰা লাইনত ২০০৮ চনতে স্থাপন কৰা হৈছিল চেঁচা-পানবাৰী পানী যোগান আঁচনিখন।

১১ বছৰ ধৰি বিকল হৈ পৰি আছে পানী যোগান আঁচনি
author img

By

Published : Mar 29, 2019, 2:01 PM IST

শোণিতপুৰ, ২৯ মাৰ্চঃ এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে শোণিপুৰ জিলাৰ ৰঙাপৰাবাসীয়ে । ৰঙাপৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ লাখ টকা ব্যয় কৰি চেঁচা-পানবাৰী পানী যোগান আঁচনিখন স্থাপন কৰিছিল যদিও দীৰ্ঘদিনৰে পৰা বিকল হৈ পৰি আছে পানী যোগান আঁচনিখন । আঁচনিখন বিকল হৈ পৰাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ।

১১ বছৰ ধৰি বিকল হৈ পৰি আছে পানী যোগান আঁচনি

উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১নং সংমণ্ডলৰ অধীনত চেঁচা চাহ বাগিচাৰ চাওৰা লাইনত ২০০৮ চনতে স্থাপন কৰা হৈছিল চেঁচা-পানবাৰী পানী যোগান আঁচনিখন। কিন্তু বিভাগটোৰ হেমাহিৰ বাবে বিগত ১১ বছৰ ধৰি পানী যোগান আঁচনিখন বিকল হৈ পৰি থকাৰ বাবে বহু সমস্যাত ভুগিব লগা হৈছেঅঞ্চলবাসী । বিশেষকৈ গ্ৰাম্য অঞ্চলত পানী যোগান আচনিখন বিকল হৈ থকাত গাওবাসী এটুপি খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । বিভাগটোৰ মন্ত্ৰী ৰিহণদৈমাৰীক এই সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । আনকি চাওৰা লাইনৰ নিৱাসী চমৰা চাওৰা নামৰলোকজনৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগে ডেৰ কঠা ভূমি অধিগ্ৰহণ কৰি লোকজনক পানী যোগান আঁচনিখনত চৰকাৰী চাকৰি দিয়া প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈ কোনো সংস্থাপন নিদিয়াত ক্ষোভিত হৈ পৰে যুৱকজন । সম্প্ৰতি চোৱা-চিতাৰ অভাৱত জহি-খহি যাবলৈ ধৰিছে পানী যোগান আঁচনিখন । ৰঙাপৰাবাসীয়ে এই বিকল হৈ পৰা পানী যোগান আঁচনিখন অতি শীঘ্ৰে কাৰ্যক্ষম কৰি অঞ্চলবাসীক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ বিভাগটোক দাবী জনায় ।

Intro:ধোঁৱাচাঙত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগঃ বিকল অৱস্থাত পৰি আছে ৰঙাপৰাৰ চেঁচা-পানবাৰী পানী যোগান আঁচনিBody:ৰঙাপৰাঃ ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম অৱহেলাৰ বাবেই আজি ৰঙাপৰাত কেইবাখনো পানী যোগান আঁচনি বিকল হৈ পৰি আছে। বিশেষকৈ গ্ৰাম্য অঞ্চলত থকা পানী যোগান আঁচনি সমূহ ধোঁৱাচাঙত উঠাত ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। শোণিতপুৰৰ ৰঙাপৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ লাখ টকা ব্যয় কৰি স্থাপন কৰা চেঁচা-পানবাৰী পানী যোগান আঁচনি দীৰ্ঘদিনৰে পৰা বিকল হৈ পৰি আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ সংমণ্ডল ১ৰ অধীনত চেঁচা চাহ বাগিচাৰ চাওৰা লাইনত ২০০৮ চনতে স্থাপন হৈছিল চেঁচা-পানবাৰী পানী যোগান আঁচনিখন। কিন্তু মন্ত্ৰী ৰিহন দৈমাৰীৰ বিভাগটোৰ চৰম হেমাহিৰ বাবে বিগত প্ৰায় ১১ বছৰ ধৰি পানী যোগান আঁচনিখন বিকল হৈ আছে। চাওৰা লাইনৰ নিৱাসী চমৰা চাওৰাক জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনিখনত চৰকাৰী চাকৰি দিয়া প্ৰতিশ্ৰুতি দি ডেৰ কঠা ভূমি অধিগ্ৰহণ কৰিছিল। পৰিতাপৰ বিষয় যে বিভাগটোৱে চমৰা চাওৰাক আজিলৈকে পানী যোগান আঁচনিখনত সংস্থাপনৰ ব্যৱস্থা নকৰিলে। সম্প্ৰতি চোৱা-চিতাৰ অভাৱত পানী যোগান আঁচনিখন জহি খহি যাবলৈ ধৰিছে। স্থানীয় ৰাইজে বিকল হৈ থকা পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ বিভাগটোক দাবী জনাইছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.