ৰঙাপৰা, 27 ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ, চুলাই মদ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি ৷ আনকি চলিত বৰ্ষতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু অপৰাধী ৷
প্ৰাপ্ত তথ্য অনুসৰি, শোণিতপুৰ জিলাৰ অলিয়ে-গলিয়ে গঢ়ি উঠিছে অবৈধ চুলাই মদৰ ঘাটি(Illegal Liquor seized at Sonitpur) ৷ এই ঘাটিসমূহ উৎখাত কৰাৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে আবকাৰী বিভাগ । ইয়াৰে অংশস্বৰূপে শনিবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত আবকাৰী বিভাগে অভিযান চলাই কেইবাটাও চুলাই মদৰ ঘাটিত উচ্ছেদ চলোৱা পৰিলক্ষিত হয় ৷
অভিযানত আবকাৰী বিভাগৰ দলটোৱে চাৰিটাকৈ চুলাইৰ ভাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় (Rangapara excise department seized illegal Liquor) ৷ ৰঙাপৰা আবকাৰী বিভাগৰ উপ পৰিদৰ্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত চলা এই অভিযানত ৰঙাপৰাৰ নামনি গাঁৱৰ বিৰসিং মাঝি, মিনন্তি বৰুৱা, পাৰ্বতী মাঝি আৰু গোচাৱাৰী মুছাহাৰীৰ বাসগৃহত অবৈধভাৱে চলাই থকা চুলাই মদৰ ভাটিকেইটা উচ্ছেদ কৰে ।
উল্লেখ্য যে, অভিযান কালত প্ৰায় ৩৫ লিটাৰ চুলাই, ৩৬০ লিটাৰ গেলা পাচ, প্ৰায় ৪৫ কেজি লাওপানী আৰু ৩ টা চুলাই মদ তৈয়াৰ কৰা যন্ত্ৰ জব্দ কৰে আবকাৰী বিভাগে ।
লগতে পঢ়ক : Illegal Liquor seized at Barpeta : বৰপেটাত বৃহৎ পৰিমাণৰ চুলাইসহ দুজন আটক