ETV Bharat / state

ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচাত ৪৪ জন লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : Jun 12, 2021, 1:44 PM IST

শোণিতপুৰ(Sonitpur)ৰ ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচা (Adabari Tea Estate)ত বৃদ্ধি পাইছে ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ । আদাবাৰী চাহ বাগিচাত ৪৪ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । বাগিচাখনৰ ফুটবল খেলপথাৰ লাইনক কণ্টেইনমেণ্ট জ'ন(Containment Zone) হিচাপে ঘোষণা প্ৰশাসনৰ । ফুলবাৰী গাঁও পঞ্চায়তে সাহাৰ্য আগবঢ়োৱা নাই বুলি অভিযোগ তুলিছে আক্ৰান্তই ।

Rangapara covid report update
ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচাৰ ফুটবল খেলপথাৰ লাইনক কইণ্টমেণ্ট জ'ন হিচাপে ঘোষণা

ৰঙাপৰা, 12 জুন : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচা (Adabari Tea Estate)ৰ ফুটবল খেলপথাৰ লাইনক কণ্টেইনমেণ্ট জ'ন(Containment Zone) হিচাপে ঘোষণা কৰিলে প্ৰশাসনে । বিগত তিনি দিনত বাগিচাখনৰ ৪৪ জন লোক ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হৈছে ।

আদাবাৰী চাহ বাগিচা (Adabari Tea Estate)ৰ ফুটবল খেলপথাৰ লাইনৰ ১১ টা পৰিয়ালৰ সদস্য মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতে অঞ্চলটো কণ্টেইনমেণ্ট জ'ন(Containment Zone) হিচাপে ঘোষণা কৰা হয় ।

আনহাতে, কণ্টেইনমেণ্ট জ'নত থকা ব্যক্তিসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰীৰ যোগান কৰিছে যদিও ফুলবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়ে কোনো সাহাৰ্য আগবঢ়োৱা নাই বুলি অভিযোগ তুলিছে আক্ৰান্তই ।

শোণিতপুৰ জিলাত এতিয়াও হ্ৰাস পোৱা নাই সংক্ৰমণৰ হাৰ । ৰঙাপৰাত ইতিমধ্যে কেইবাগৰাকীও ক'ভিড ৰোগীৰ মৃত্যু হৈছে ।

লগতে পঢ়ক:ডিফু পাণবাৰীৰ হিতাধিকাৰীৰ মাজত চাউল বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.