ETV Bharat / state

ৰঙাপৰাত জাতীয় ঐক্য মঞ্চৰ পঞ্চম বাৰ্ষিক ভোগালী বিহু পালন

author img

By

Published : Jan 14, 2021, 1:22 PM IST

ৰঙাপৰাত জাতীয় ঐক্য মঞ্চৰ পঞ্চম বাৰ্ষিক ভোগালী বিহু পালন ৷ মেজি প্ৰজ্বলনৰে পৰম্পৰা অটুট ৰাখিবলৈ প্ৰয়াস কৰে উদ্যোগতাসকলে ৷

ৰঙাপৰাত জাতীয় ঐক্য মঞ্চৰ পঞ্চম বাৰ্ষিক ভোগালী বিহু

ৰঙাপৰা, 14 জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ৰঙাপৰাতো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে ভোগৰ উৎসৱ ভোগালী বিহুটি উলহ-মালহেৰে পালন কৰে । বিহু গীতৰে মুখৰিত হৈ পৰে সমগ্ৰ ৰঙাপৰা অঞ্চল ৷ অসমীয়া জাতীয় ঐক্য মঞ্চই বিগত বছৰ সমূহৰ দৰে এইবেলিও পঞ্চম বাৰ্ষিক 'ভোগালী উৎসৱটি পালন কৰে । এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে ভোগালীৰ বিহুটি পালন কৰা হয় । ৰঙাপৰা চহৰৰ ইউনিয়ন থিয়েটাৰ হ'ল প্ৰাংগণত উদ্যোগতাসকলে মাঘ বিহুৰ উপলক্ষে প্ৰায় ৩০ ফুট ওখৰ এটা মেজি নিৰ্মাণ কৰা হয় । মেজিৰ কাষত পূজাৰীয়ে চাকি-বন্তি, ধূপ-ধূনা জ্বলাই আৰু নৈবদ্য আগবঢ়াই সকলোৰে মংগল কামনা কৰে। মেজি প্ৰজ্বলন কৰে ৰঙাপৰাৰ চিকিৎসক উমেশ শৰ্মাই ।

অন্য এক খবৰৰ বাবে: অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে হৃত্বিক ৰৌছনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.