ETV Bharat / state

৩১ ডিচেম্বৰত তেজপুৰলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং - 21st Convocation of Tezpur University

21st Convocation of Tezpur University: ৩১ ডিচেম্বৰত তেজপুৰলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । তেজপুৰ বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। চলিত বৰ্ষত এয়া ৰাজনাথ সিঙৰ দ্বিতীয়বাৰৰ বাবে তেজপুৰ ভ্ৰমণ ।

Rajnath Singh to visit Tezpur on December 31
৩১ ডিচেম্বৰত তেজপুৰলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 2:23 PM IST

Updated : Dec 21, 2023, 2:32 PM IST

তেজপুৰ,২১ ডিচেম্বৰ: অহা ৩১ ডিচেম্বৰত তেজপুৰলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । অহা ৩১ ডিচেম্বৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তন অনুষ্ঠিত হ'ব । এই সমাৱৰ্তনৰ সময়ত বিশ্ববিদ্যালয়ে ১৩৩৫ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰিব । এই উপলক্ষে মুখ্য অতিথি হিচাপে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব আৰু সমাৱৰ্তনৰ ভাষণ প্ৰদান কৰিব বুলি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।

উক্ত অনুষ্ঠানত ৭৮৩ জনক স্নাতকোত্তৰ (পি জি) ডিগ্ৰী, ৪২৮ জনক স্নাতক (ইউ জি) ডিগ্ৰী, ৫ জনক পি জি ডিপ্ল’মা, ১০০ জনতকৈ অধিকক পি এইচ ডি ডিগ্ৰী, আৰু ২৩ গৰাকীক দূৰত্ব আৰু অনলাইন শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰা হ’ব । তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে আগন্তুক সমাৱৰ্তনক লৈ উৎসুকতা প্ৰকাশ কৰি মন্তব্য কৰে যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞানী নাগৰিকলৈ ৰূপান্তৰিত হোৱাৰ সাক্ষী হোৱাৰ বাবে সমাৱৰ্তন অনুষ্ঠানটো বিশ্ববিদ্যালয়ৰ বাবে গৌৰৱৰ মূহুৰ্ত্ব ।

উল্লেখযোগ্য যে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এয়া দ্বিতীয়বাৰৰ বাবে তেজপুৰ ভ্ৰমণ । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ অক্টোবৰ মাহত বিজয়া দশমী উপলক্ষে তেজপুৰত ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ সেনাৰ ঘাটিত উপস্থিত হৈ সেনাবাহিনীক উৎসাহিত কৰাৰ লগতে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙো ভ্ৰমণ কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । বিজয়া দশমীৰ লগত সংগতি ৰাখি ভাৰত চীন সীমান্তত ভাৰতীয় সেনাৰ দ্বাৰা আয়োজন কৰা অস্ত্ৰ পূজাত অংশগ্ৰহণ কৰিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: শিৱসাগৰত আইন-শৃংখলা ভংগৰ শংকা; বহু সংগঠনৰ নেতাক বণ্ড চাইন

Last Updated : Dec 21, 2023, 2:32 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.