তেজপুৰ,20 মাৰ্চ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই তেওঁৰ নিৰ্বাচনী প্ৰচাৰত পিতৃৰ "ব'ল ব'ল ব'ল কৃষক শক্তি দল" শীৰ্ষক গীতটো ব্যৱহাৰ কৰাত আপত্তি দৰ্শাইছে তেজপুৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথ ৷ এক সংবাদমেলত অংশ লৈ ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে শিল্পী গৰাকীক গীতক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই কয় যে, তেজপুৰৰ সকলো ৰাইজেই এই কথাত আপত্তি দৰ্শাইছে ৷
বিষ্ণুপ্ৰসাদ ৰাভাই গীতটো ৰচনা কৰাৰ সময় আৰু বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰি নাথে কয় যে, যিটো দলৰ পৰা পৃথ্বীৰাজ ৰাভাই প্ৰাৰ্থিত্ব আগবঢ়াইছে, সেই দলটোৱে বৰ্তমান কৃষক ৰাইজৰ লগত যি কৰিছে সেই দিশৰ পৰা গীতটোৰ সৈতে তেওঁ প্ৰাৰ্থিত্ব আগবঢ়োৱা দলটোৰ মতাদৰ্শ প্ৰকৃতাৰ্থত ইটো-সিটোৰ পৰিপন্থী ৷
তেজপুৰৰ দুই প্ৰাৰ্থী ক্ৰমে কংগ্ৰেছৰ ড৹ অনুজ মেচ, মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভা আৰু ৰাইজৰ দলৰ হৈ তেওঁক একেখন মঞ্চত বহুৱাই তেজপুৰৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ ৰূপৰেখা স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে, প্ৰতিজন প্ৰাৰ্থীৰ বিশ্লেষণ তথা পৰিকল্পনা সম্পৰ্কত অৱগত হোৱাৰ পাছত ৰাইজে নিজেই কাক ভোট দিব সেই কথাৰ সিদ্ধান্ত ল'ব ৷
শুকুৰবাৰে অনুষ্ঠিত সংবাদমেলখনত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে এইবাৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ৷ অৱশ্যে তেওঁলোকে কোন দলৰ লগত চৰকাৰ গঠন কৰিব সেয়া স্পষ্টকৈ উল্লেখ কৰাৰ পৰা বিৰত থাকে ৷
লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ ৰেলীৰ সন্মুখত ছাত্ৰ সন্থাৰ প্ৰতিবাদ